বেংগালুৰুত এটা পৰিয়ালৰ তিনি লোকক ছুৰী মাৰি হত্যা
পলাতক কন্যা, লিভ-ইন সংগীক সন্দেহ!
বেংগালুৰু,২৪জুন:
কৰ্ণাটকৰ ৰাজধানী বেংগালুৰু ছিগে হার্লি অঞ্চলৰ এটা বাসগৃহত কালি সন্ধিয়া প্রায় ৬ বজাত অচিনাক্ত দুর্বৃত্তই একেটা পৰিয়ালৰ ৩ গৰাকী সদস্যক ছুৰী মাৰি হত্যা কৰে। কস্তুৰীনগৰ ঘাইপথত থকা এটা এপার্টমেণ্টত ছুৰিকাঘাতত নিহত
ব্যক্তিকেইগৰাকী সোমা সুন্দৰ (৫২), তেওঁৰ পত্নী মুথু লক্ষ্মী (৪৮) আৰু তেওঁলোকৰ এগৰাকী কন্যা সুপ্রিয়া (১৯) বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। এই ঘটনাৰ সৈতে সোমা সুন্দৰৰ বৰজীয়ৰী স্বেতা আৰু তেওঁৰ লিভ-ইন সংগী কেনেথ জড়িত থকা বুলি আৰক্ষীয়ে সন্দেহ প্রকাশ কৰিছে। জীয়ৰীৰ লিভ-ইনৰ সম্পৰ্কক লৈয়ে আপত্তি দর্শোৱাৰ বাবে দুয়ো মিলি তিনিওকে হত্যা কৰে বুলি আৰক্ষীয়ে দাবী কৰে। লিভ-ইন সম্পৰ্কৰ উপৰি ৩০ লাখ টকাৰ ঋণৰ বাবে পিতৃ-মাতৃৰ সৈতে প্রায়ে স্বেতাৰ কাজিয়া লাগিছিল। কালি দুয়োগৰাকীয়ে পোনতে মুথু লক্ষ্মীক, তাৰ পিচত সুপ্রিয়াক আৰু পিচত সোমা সুন্দৰক ছুৰী মাৰি হত্যা কৰে। আৰক্ষীয়ে বর্তমান পলাতক হৈ থকা স্বেতা আৰু ‘তেওঁৰ সংগীৰ সন্ধানত অভিযান চলাইছে।