সেতুৰ ওপৰত জন্মদিনৰ উৎসৱ: গুৱাহাটীত ক্ষমতাৰ প্ৰদৰ্শনক লৈ প্ৰশ্নৰ অৱতাৰণা
গুৱাহাটী, ২২ জুন:

সামাজিক মাধ্যম ইনষ্টাগ্ৰামত বালেন ৰাম নামৰ এজন ব্যক্তিয়ে এই সমগ্ৰ অনুষ্ঠানৰ এটা ভিডিঅ’ আপলোড কৰিছিল। ভিডিঅ’টোত দেখা গৈছিল যে এক বিশেষ পৰিকল্পনাৰে সেতুৰ ওপৰত জন্মদিনৰ বাবে এক জমকালো পৰিবেশ সৃষ্টি কৰা হৈছে। অৱশ্যে প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগে লগে উক্ত ব্যক্তিজনে সামাজিক মাধ্যমৰ পৰা ভিডিঅ’টো মচি পেলায়।
এই ঘটনাক লৈ গুৱাহাটীবাসীৰ মাজত এক প্ৰশ্নৰ উত্থাপন হৈছে— ৰাজহুৱা সম্পত্তিৰ ওপৰত ব্যক্তিগত অনুষ্ঠান পতাৰ অনুমতি কেনেকৈ পালে? পূৰ্বে বিভিন্ন সময়ত সাধাৰণ নাগৰিকক চহৰৰ বিভিন্ন ফ্লাইঅ’ভাৰ বা দলঙৰ ওপৰত জন্মদিন বা আন অনুষ্ঠান উদযাপন কৰাৰ বাবে আৰক্ষীয়ে আটক কৰিছিল। তেনেস্থলত এজন প্ৰভাৱশালী ব্যৱসায়ীয়ে কেনেকৈ এনেধৰণৰ দুঃসাহসিক কাম কৰিব পাৰিলে, তাক লৈ আৰক্ষীৰ ভূমিকা সন্দৰ্ভত ব্যাপক প্ৰশ্ন উত্থাপন হৈছে।
এই সম্পূৰ্ণ ঘটনাটোৰ সন্দৰ্ভত এতিয়ালৈকে কোনো চৰকাৰী বিষয়া বা প্ৰশাসনিক পক্ষই কোনো ধৰণৰ মন্তব্য বা ব্যৱস্থা গ্ৰহণ কৰা নাই। চহৰখনৰ সচেতন নাগৰিকসকলে দাবী জনাইছে যে, আইন যদি সকলোৰে বাবে সমান, তেন্তে ক্ষমতাৰ প্ৰভাৱত এনেদৰে ৰাজহুৱা স্থান ব্যৱহাৰ কৰাসকলৰ বিৰুদ্ধে কিয় ব্যৱস্থা লোৱা হোৱা নাই? আৰক্ষী প্ৰশাসনে এই বিষয়ত কি পদক্ষেপ লয়, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।