...

ডিব্ৰুগড়ৰ মেধাবী ছাত্ৰ কৌশিক ৰঞ্জন নাথৰ সফলতা

ডিব্ৰুগড়ৰ মেধাবী ছাত্ৰ কৌশিক ৰঞ্জন নাথৰ সফলতা

জে ই ইত স্থান লাভ, আই আই টি মুম্বাইত অভিযন্তা অধ্যয়নৰ সুযোগ

চাইন অন ডেস্ক,২২জুন:

ডিব্ৰুগড়ৰ টেপৰগাওঁৰ মেধাবী শিক্ষাৰ্থীয়ে জে ই ই এডভান্স-২০২৬ ত উল্লেখযোগ্য সফলতা অৰ্জন কৰি ৰাজ্যখনৰ‌ লগতে ডিব্ৰুগড়লৈ গৌৰৱ কঢ়িয়াই আনিছে। সৰ্বভাৰতীয় স্থান ৩০৯৪ লাভ কৰি দেশৰ অন্যতম শ্ৰেষ্ঠ শিক্ষানুষ্ঠান আই আই টি মুম্বাইত অভিযন্তা অধ্যয়নৰ বাবে নিৰ্বাচিত হৈছে কৌশিক ৰঞ্জন নাথ। নাথ
ভাৰত চৰকাৰৰ তথ্য প্ৰযুক্তি বিভাগৰ যুটীয়া সঞ্চালক প্ৰমোদ নাথ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপিকা বিতপী নাথৰ একমাত্ৰ সন্তান।
কাজিৰঙাৰ কুঠৰী নিবাসী আৰু বৰ্তমান ডিব্ৰুগড়ৰ দূৰদৰ্শন কেন্দ্ৰৰ সমীপত দক্ষিণ ডিব্ৰুগড় টেপৰ গাঁৱত বসবাস কৰা কৌশিকৰ এই কৃতিত্বই ডিব্ৰুগড় জিলাখনৰ লগতে সমগ্ৰ অসমবাসীক গৌৰৱান্বিত কৰি তুলিছে। অশেষ পৰিশ্ৰম, একাগ্ৰতা আৰু অধ্যৱসায়ৰ ফলস্বৰূপে তেওঁ অভিযন্তা হোৱাৰ সুযোগ লাভ কৰিবলৈ সক্ষম হৈছে।কেৱল পঢ়া-শুনাতে নহয়, কৌশিক নাথ ক্ৰীড়া ক্ষেত্ৰতো সমানে পাৰদৰ্শী। তেওঁ বেডমিনটন খেলৰ সৈতেও সক্ৰিয়ভাৱে জড়িত আৰু বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। শিক্ষাৰ লগতে ক্ৰীড়াক্ষেত্ৰতো তেওঁৰ সাফল্যই এক সৰ্বাংগীণ ব্যক্তিত্বৰ পৰিচয় বহন কৰিছে। ভৱিষ্যৎ পৰিকল্পনা সন্দৰ্ভত কৌশিকে কয় যে, আই আই টিত অধ্যয়নৰ জৰিয়তে তথ্য প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত নিজকে অধিক দক্ষ কৰি তুলি দেশৰ উন্নয়নত অৰিহণা যোগাবলৈ তেওঁ আগ্ৰহী। পুত্ৰৰ এই সাফল্যত পিতৃ-মাতৃয়েও আনন্দ আৰু গৌৰৱ প্ৰকাশ কৰি তেওঁৰ অধ্যৱসায়, নিয়মানুৱৰ্তিতা আৰু একাগ্ৰতাই এই সফলতা কঢ়িয়াই আনিছে বুলি মন্তব্য কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *