...

ধুবুৰীৰ গৌৰীপুৰৰ পিয়াজবাৰীত বিধ্বংসী অগ্নিকাণ্ড

ধুবুৰীৰ গৌৰীপুৰৰ পিয়াজবাৰীত বিধ্বংসী অগ্নিকাণ্ড

দুখন ব্যৱসায়িক প্ৰতিষ্ঠান ভষ্মীভূত

ধুবুৰী,২২জুন:

ধুবুৰী জিলাৰ গৌৰীপুৰৰ পিয়াজবাৰীত সংঘটিত এক বিধ্বংসী অগ্নিকাণ্ডত দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান নিমিষতে জুইত জাহ যোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে,

বেংকৰ এটা গ্ৰাহক সেৱা কেন্দ্ৰ (চিএছপি) আৰু মোবাইলৰ দোকান সম্পূৰ্ণৰূপে ভষ্মীভূত হোৱা বুলি প্ৰকাশ। অৱশ্যে, অগ্নি নিৰ্বাপক বাহিনীয়ে স্থানীয় ৰাইজৰ প্ৰচেষ্টাত অগ্নি নিৰ্বাপণ

কৰিবলৈ সক্ষম হয়। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডটোৰ সূত্ৰপাত ঘটা বুলি সন্দেহ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *