ধুবুৰীৰ বিশেষ পকছ’ আদালতৰ ধৰ্ষণৰ গোচৰৰ ঐতিহাসিক ৰায়দান
অভিযুক্তক জৰিমনা-ক্ষতিপূৰণ সহ ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড
ধুবুৰী,২১জুনঃ
কালি ধুবুৰীৰ বিশেষ পকছ’ আদালতে কিশোৰী এগৰাকীৰ ধৰ্ষণৰ গোচৰৰ অভিযুক্ত দোষী সাব্যস্ত কৰি এক ঐতিহাসিক ৰায়দান দিয়ে। জানিব পৰা মতে, ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী কালাহাট অঞ্চলৰ কায়ূম নামৰ সেই বিবাহিত লোক এজনৰ বনকৰা ৰূপে কাম কৰি থকা সময়ত ১৭ বছৰীয়া এগৰাকী নাবালিকাক দীৰ্ঘদিন ধৰি ধৰ্ষণ কৰাৰ ফলত গৰ্ভৱতী হয়। এয়া পোহৰলৈ অহাৰ পিছত নাবালিকা গৰাকীৰ পৰিয়ালবৰ্গই ২০২৩ বৰ্ষত ধুবুৰী সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছিল। উক্ত গোচৰৰ ৰায়দান প্ৰদান কৰি আজ ধুবুৰীৰ বিশেষ পকছ’ আদালতৰ বিশেষ ন্যায়াধীশ (পকছ’) আলহাজ ছাবিনা মজুমদাৰে অভিযুক্ত কায়ূমক দোষী সাব্যস্ত কৰি এক ঐতিহাসিক ৰায়দান প্ৰদান কৰে। ৰায়দানত অভিযুক্তক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড, ২৫ হাজাৰ টকা জৰিমনা আৰু ৩ লাখ টকাৰ ক্ষতিপূৰণ বিহা হয়।
Like this:
Like Loading...