...

ডিব্ৰুগড়ত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

ডিব্ৰুগড়ত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়া

বিধায়ক প্ৰশান্ত ফুকন, দুলীয়াজান সম-জিলাত মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে

চাইন অন ডেস্ক,২১ জুন:

আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ডিব্ৰুগড় জিলা প্ৰশাসন আৰু ৰাষ্ট্ৰীয় আয়ুষ অভিযান, ডিব্ৰুগড়ৰ যৌথ উদ্যোগত আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, ডিব্ৰুগড়ৰ সহযোগত ডিব্ৰুগড়ৰ মিলন নগৰস্থিত বহুমুখী ইনড’ৰ ক্ৰীড়া ভৱনত কেন্দ্ৰীয়ভাৱে উলহ-মালহেৰে উদযাপন কৰা হয়। অনুষ্ঠানত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াই মুখ্য অতিথি হিচাপে উপস্থিত থাকি সাধাৰণ যোগ প্ৰট’কলত অংশগ্ৰহণ কৰাৰ লগতে যোগাভ্যাসৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে । একেদৰে , স্হানীয় বিধায়ক প্ৰশান্ত ফুকনে সন্মানীয় অতিথি হিচাপে এই যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। আনহাতে , আজি দুলিয়াজান সমজিলাত কেন্দ্ৰীয় নামঘৰত আয়োজিত যোগ‌দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে শ্ৰম কল্যাণ,চাহ জনজাতি আৰু আদিবাসী উন্নয়ন বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে । আজি অনুষ্ঠানৰ আকৰ্ষণ হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কলকাতাত অনুষ্ঠিত যোগ দিৱসৰ ৰাষ্ট্ৰীয় অনুষ্ঠানৰ Live Streaming প্ৰদৰ্শন কৰা হয়, যাৰ জৰিয়তে সমগ্ৰ বিশ্বৰ লগত অনুষ্ঠানত উপস্থিত আটায়ে একেলগে যোগাভ্যাস কৰে। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পূৰ্ব কাৰ্যসূচীৰ অংশ হিচাপে ১৮ জুন ২০২৬ তাৰিখে বিবেকানন্দ কেন্দ্ৰত অনুষ্ঠিত হোৱা জিলা পৰ্যায়ৰ যোগাসন প্ৰতিযোগিতাৰ বিজয়ীসকলক আজি এই কাৰ্য্যসূচীত আনুষ্ঠানিকভাৱে পুৰস্কৃত কৰা হয়।
“সুস্থ বার্ধক্যৰ বাবে যোগ – এই বৰ্ষৰ বিষয়বস্তুৰ জৰিয়তে জ্যেষ্ঠ নাগৰিকৰ মাজত বয়সজনিত সমস্যা যেনে- শাৰীৰিক দুৰ্বলতা ,অস্থিসন্ধিৰ বিষ, অস্থিৰতা, স্মৃতিশক্তি হ্ৰাস আৰু উচ্চ ৰক্তচাপ, মধুমেহ আদিৰ দৰে জীৱনশৈলীজনিত ৰোগ প্ৰতিহত কৰাত যোগৰ বৈজ্ঞানিক ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ প্ৰয়াস কৰা হৈছে। যোগৰ নিয়মীয়া অভ্যাসে শৰীৰ নমনীয়তা, ভাৰসাম্য, মানসিক শান্তি আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি সুস্থ আৰু সক্ৰিয় বার্ধক্য নিশ্চিত কৰে বুলি বিশেষজ্ঞ সকলে মত প্ৰকাশ কৰে।আজিৰ এই অনুষ্ঠানত ডিব্ৰুগড় জিলা পৰিষদৰ সভানেত্ৰী পুষ্পাঞ্জলি সোণোৱাল, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, জিলা পৰিষদৰ চি ই অ’ দিপু কুমাৰ ডেকা, জিলা উন্নয়ন আয়ুক্ত নন্দিতা বৰুৱা,চি আৰ পি এফৰ 2IC সঞ্জয় মাৰৱান , ডিব্ৰুগড় জিলাৰ অতিৰিক্ত আয়ুক্ত প্ৰাঞ্জল বৰুৱা , যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ তৃষ্ণা বড়াৰ লগতে বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়া,ডিব্ৰুগড় জিলা প্ৰশাসন, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, ডিব্ৰুগড় আৰু আয়ুষ বিভাগৰ বিষয়া-কৰ্মচাৰী, যোগ প্ৰশিক্ষক আৰু বিভিন্ন অনুষ্ঠানৰ প্ৰতিনিধি, ছাত্ৰ -ছাত্ৰী আৰু বিপুল সংখ্যক সাধাৰণ ৰাইজ উপস্থিত থাকে।উল্লেখযোগ্য যে, এই কেন্দ্ৰীয় কাৰ্যসূচীৰ সমান্তৰালকৈ ডিব্ৰুগড়ৰ সকলো সম-জিলাত যোগাসন আৰু সজাগতা সভাৰ জৰিয়তে দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উলহ মালহেৰে উদযাপন কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *