...

ৰাধা গোবিন্দ সেৱা আশ্ৰমৰ চৌহদত সন্দেহজনক গো-মাংস !

ৰাধা গোবিন্দ সেৱা আশ্ৰমৰ চৌহদত সন্দেহজনক গো-মাংস !

উত্তেজনা-ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

ধুবুৰী,১৮জুনঃ

অসম–পশ্চিমবংগ সীমান্তৱৰ্তী ধুবুৰী জিলাৰ ছাগলীয়াত অৱস্থিত ৰাধা গোবিন্দ সেৱা আশ্ৰমৰ চৌহদত সন্দেহজনক নিষিদ্ধ গো-মাংস উদ্ধাৰ হোৱা ঘটনাক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। স্থানীয় সূত্ৰে জানিবলৈ দিয়া মতে, যোৱা নিশা অচিনাক্ত দুৰ্বৃত্তই প্লাষ্টিকৰ মোনাত ভৰাই আশ্ৰমৰ চৌহদত সন্দেহজনক গো-মাংসখিনি নিক্ষেপ কৰি থৈ যায় বুলি সন্দেহ কৰা হৈছে। আজি পুৱা সেয়া প্ৰত্যক্ষ কৰি ক্ষোভৰ সৃষ্টি হয় আৰু সমগ্ৰ এলেকাটোত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ উদ্ভৱ হয়।ইপিনে ঘটনাটোৰ প্ৰতিবাদত তথা দুস্কৃতিকাৰীক কৰায়ত্ত কৰাৰ দাবীত বজৰং দলৰ কৰ্মীসকলে ছাগলীয়াত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি দোষীক চিনাক্ত কৰি কঠোৰ শাস্তিৰ দাবী জনায়। ইতিমধ্যে, ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে আমিৰ হামজা নামৰ এজন লোকক সোধ-পোছৰ বাবে আটক কৰি তদন্ত অব্যাহত ৰাখিছে। ইপিনে, বিষয়টো অৱগত হৈ গোলকগঞ্জ ৰাজহ চক্ৰ বিষয়া নবজ্যোতি ৰয়, আগমনী ৰাজহ চক্ৰ বিষয়াসহ জ্যেষ্ঠ প্ৰশাসনিক আৰু আৰক্ষী বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। । বিষয়াসকলে শান্তি-শৃংখলা বজাই ৰখাৰ আহ্বান জনোৱাৰ লগতে ঘটনাৰ সৈতে জড়িত সকলো ব্যক্তিক চিনাক্ত কৰি আইনৰ আওতালৈ অনা হ’ব বুলি আশ্বাস দিয়ে বৰ্তমান অঞ্চলটোত সুৰক্ষা ব্যৱস্থা জোৰদাৰ কৰা হৈছে যদিও ভিতৰি ভিতৰি চেপা এক উত্তেজনাময় পৰিৱেশ থকা বুলি প্ৰকাশ।

Leave a Reply

Your email address will not be published. Required fields are marked *