...

নৱাগত আদৰণি সভা আৰু সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন

নৱাগত আদৰণি সভা আৰু সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন

 

দৰিদ্ৰ-আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ পোহৰ

চাইন অন ডেস্ক,১৩জুন:

গহপুৰৰ বুৰৈঘাটস্থিত শ্ৰীমন্ত শংকৰদেৱ একাডেমীত আজি নৱাগত আদৰণি সভা আৰু সম্বৰ্ধনা অনুষ্ঠান আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত হয়। অনুষ্ঠানত নতুন ছাত্ৰ-ছাত্ৰীসকলক আন্তৰিক আদৰণি জনোৱাৰ লগতে

২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
উল্লেখ্য যে, শ্ৰীমন্ত শংকৰদেৱ একাডেমী, বুৰৈঘাটে দীৰ্ঘদিন ধৰি গ্ৰাম্য অঞ্চলৰ বহু দৰিদ্ৰ আৰু আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ পোহৰ দেখুৱাই আহিছে। গুণগত শিক্ষা, শৃংখলা আৰু ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীণ বিকাশৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰি অহা এই শিক্ষানুষ্ঠানটোৱে গহপুৰ অঞ্চলত এক আদৰ্শ বিদ্যালয় হিচাপে সুনাম অৰ্জন কৰিছে। অনুষ্ঠানত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক, ছাত্ৰ-ছাত্ৰী আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আৰু মনোজ্ঞ পৰিৱেশনে অনুষ্ঠানটোক অধিক সজীৱ আৰু আকৰ্ষণীয় কৰি তোলে।

Leave a Reply

Your email address will not be published. Required fields are marked *