...

ডিব্ৰুগড় মহানগৰৰ মিলন নগৰত এগৰাকী মহিলাৰ সন্দেহজনক মৃত্যু

ডিব্ৰুগড় মহানগৰৰ মিলন নগৰত এগৰাকী মহিলাৰ সন্দেহজনক মৃত্যু

ঘটনাস্থলীৰ পৰা মদৰ বটল আৰু গ্লাচ উদ্ধাৰ

চাইন অন ডেস্ক,১১জুন:

ক্ৰমাৎ অপৰাধ মহানগৰীলৈ পৰ্যৱেশিত হৈছে ডিব্ৰুগড়।ধাৰাবাহিক অপৰাধ প্ৰৱণতাই জনজীৱনক হচকিত কৰি তোলা পৰিলক্ষিত হৈছে।কালি ডিব্ৰুগড়ৰ চিৰিং চাপৰিৰ থানা গলিত এজন লোকে নিজৰ পত্নীক হত্যাৰ অপচেষ্টা কৰাৰ পিছতে আজি পুনৰ এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ স্বৃষ্টি কৰিছে।ডিব্ৰুগড় মহানগৰৰ মিলন নগৰত এগৰাকী মহিলাৰ সন্দেহজনক মৃত্যুক লৈ সৃষ্টি হৈছে এই চাঞ্চল্য।ঘৰৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে ৩৩ বছৰীয়া ববিতা দাস নামৰ মহিলা গৰাকী। ঘটনাক এক হত্যাকাণ্ড বুলি সন্দেহ কৰি আৰক্ষীয়ে তদন্ত পক্ৰিয়া আৰম্ভ কৰিছে।জানিব পৰা অনুসৰি ডিব্ৰুগড়ৰ মিলন নগৰৰ ‘আই’ গলিত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।ববিতা দাস নামৰ মহিলা গৰাকীক ভাড়া ঘৰটোৰ ভিতৰত মৃত অৱস্থাত পৰিয়ালৰ লোকে উদ্ধাৰ কৰে।আৰচিচি ঘৰটোৰ তলৰ মহলাত পৰিয়ালটো ভাড়াতীয়া হিচাপে আছিল।কিন্তু,ঘটনাৰ সময়ত ঘৰত উপস্থিত আছিল তেওঁৰ দুটি সন্তান।জেষ্ঠ সন্তানৰ বয়স ১৩ বছৰ আৰু কনিষ্ঠ সন্তানৰ বয়স ৩ বছৰ মাত্ৰ।সন্তান দুটাৰ বৰ্ণনা অনুসৰি, নিশাৰ সময়ত কোনো লোক ঘৰত আহিছিল বুলি জানিব পৰা গৈছে।কিন্তু ঘৰলৈ অহা মানুহজনৰ সবিশেষ বৰ্ণনা দিব পৰা নাই সন্তানদ্বয়ে।আনহাতে,মহিলা গৰাকীৰ সম্বন্ধীয় এগৰাকী বায়েকে ঘটনাৰ সন্দৰ্ভত একো নাজানো বুলি কৈ, কোনো এজন লোক নিশা আহি মৃত মহিলাগৰাকীৰ মবাইলটো লৈ যোৱা বুলি সন্তান দুটাৰ পৰা জনা বুলি সাংবাদিকৰ আগত সদৰী কৰে।ঘটনাটো যথেষ্ট ৰহস্যৰ আৰ্ৱতত সোমাই পৰিছে যদিও এই বিষয়ে আৰক্ষীয়ে অধিক তথ্য লাভ কৰিছে যদিও তদন্তৰ খাতিৰত সংবাদ মাধ্যমক জনোৱাৰ পৰা বিৰত আছে।ইফালে ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে মদৰ বটল আৰু গ্লাচ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
আনহাতে, ঘটনাৰ সময়ত মহিলা গৰাকীৰ স্বামী ৰবিন দাস ঘৰত উপস্থিত নাছিল।তেওঁ পেছাত এজন নৈশ চুপাৰৰ চালক।
আৰক্ষীৰ প্ৰাথমিক তদন্তত ঘটনাটো হত্যা হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। মহিলা গৰাকীৰ ভাতৃ জুনটি দাসে মিলন নগৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। ইতিমধ্যে এই সন্দৰ্ভত এটা গোচৰ পঞ্জীয়ন কৰিছে আৰক্ষীয়ে।উল্লেখযোগ্য যে, মহিলা গৰাকীৰ মৃত্যুৰ পিছত পৰিয়াল লোকৰ পৰা তৎক্ষণাত আৰক্ষীক খবৰ দিয়া হোৱা নাছিল। মৃতদেহ, চিকিৎসালয়লৈ নিয়াৰ পিছত চিকিৎসালয় কৰ্তৃপক্ষৰ জৰিয়তেহে আৰক্ষীয়ে ঘটনাটোৰ বিষয়ে অৱগত হয়।বৰ্তমান আৰক্ষীয়ে ঘটনাটোৰ সকলো দিশ সামৰি তদন্ত অব্যাহত ৰাখিছে। মৃত্যুৰ প্ৰকৃত কাৰণ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু তদন্তৰ অন্ততহে সকলো স্পষ্ট হ’ব বুলি ধাৰণা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *