...

ফিফা বিশ্বকাপৰ চেম্পিয়ন দলে লাভ কৰিব প্রায় ৪৫২ কোটি টকা

ফিফা বিশ্বকাপৰ চেম্পিয়ন দলে লাভ কৰিব প্রায় ৪৫২ কোটি টকা

ৰানাৰ্ছআপ দলে লাভ কৰিব ২৯৮.৩ কোটি টকা

চাইন অন ডেস্ক,১১জুন:

আজিৰে পৰা ফুটবলৰ মহাৰণ।
১১ জুলাইৰ পৰা ১৯ জুলাইলৈ হ’বলগীয়া প্রতিযোগিতাখনৰ কাৰণে ইতিমধ্যে বিশ্বকাপ ফুটবলৰ শাসকীয় সংস্থা ফিফাই পুৰস্কাৰৰ ধন ঘোষণা কৰিছে। সেইমতে এইবাৰৰ ফিফা বিশ্বকাপৰ চেম্পিয়ন দলে লাভ কৰিব প্রায় ৪৫২ কোটি টকা। ৰানাৰ্ছআপ দলে লাভ কৰিব ২৯৮.৩ কোটি টকা। তৃতীয় স্থানপ্রাপ্ত দলটোৱে লাভ কৰিব ২৬১ কোটি টকা। চতুর্থ স্থান লাভকৰা দলটোৱে লাভ কৰিব ২৪৩ কোটি টকা। কোৱাৰ্টাৰ ফাইনেলৰ পৰা বাহিৰ হোৱা প্ৰতিটো দলে লাভ কৰিব প্রায় ১৭১.৮ কোটি টকা। ৪৮টা দলৰ মাজত হ’বলগীয়া বিশ্বকাপখনৰ ৩৩ৰ পৰা ৪৮ নম্বৰ স্থানত থকা দলসমূহে লাভ কৰিব ৮১ কোটি টকাকৈ। প্রতিযোগিতাখনত অংশগ্ৰহণৰ বাবে সকলো দলে লাভ কৰিব ১৩ কোটি টকা। অর্থাৎ বিশ্বকাপত অংশগ্রহণ কৰা সকলো দলে ন্যূনতম ৯৪ কোটি টকাৰ পুৰস্কাৰৰ ধন লাভ কৰিব। মুঠৰ ওপৰত এইবছৰ ফিফাই বিশ্বকাপ ফুটবলত পুৰস্কাৰৰ ধন হিচাপে

ব্যয় কৰিব মুঠ ৬,৫৬৩ কোটি টকা, যিটো ২০২২ চনৰ কাটাৰ বিশ্বকাপৰ তুলনাত প্রায় ৫০ শতাংশ বাজেট বৃদ্ধি হৈছে।

এছিয়াৰ সবাতোকৈ দামী দল হৈছে জাপান। তেওঁলোকৰ মুঠ মূল্য ৩,০৯৬ কোটি টকা আৰু কেপ্টেইন হিচাপে থাকিব ৱাটাৰু এণ্ডো। পৰৱৰ্তী ফিফা বিশ্বকাপ-২০৩০ যৌথভাৱে আয়োজন কৰিবলগীয়া দেশকেইখন হৈছে ক্ৰমে মৰক্কো, পর্তুগাল আৰু স্পেইন।

Leave a Reply

Your email address will not be published. Required fields are marked *