ডিব্ৰুগড়ত গৰু চুৰি চক্ৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
গ্ৰেপ্তাৰ ৰহমান আলি,জব্দ দুখন বিলাসী বাহন
চাইন অন ডেস্ক,১১জুনঃ
ডিব্ৰুগড়ত সক্ৰিয় গৰু চুৰি চক্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে চলাই থকা ধাৰাবাহিক অভিযানত পুনৰ সফলতা লাভ কৰিছে গাভৰুপথাৰ আৰক্ষীয়ে। এই অভিযানত গৰু চুৰি কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত চাউলখোৱাৰ বাসিন্দা ৰহমান আলি নামৰ এজন 
গাভৰুপথাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অলংকাৰ বৰাৰ নেতৃত্বত চলোৱা এক বিশেষ অভিযানত গোপন সূত্ৰৰ ভিত্তিত ৰহমান আলিক গ্ৰেপ্তাৰ কৰাৰ লগতে গৰু চুৰি কাণ্ডত ব্যৱহৃত বুলি সন্দেহ কৰা দুখন বিলাসী বাহনো জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। জব্দ কৰা বাহন দুখন হৈছে AS-01GM-9430 নম্বৰৰ ক’লা ৰঙৰ Hyundai Venue
জত কোনো সংগঠিত সংযোগ আছে নেকি, সেই সন্দৰ্ভত আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীৰ এই ধাৰাবাহিক সফলতাই ডিব্ৰুগড়ত সক্ৰিয় গৰু চুৰি চক্ৰসমূহৰ বিৰুদ্ধে অধিক কঠোৰ আৰু ব্যাপক অভিযান চলোৱাৰ স্পষ্ট ইংগিত বহন কৰিছে।