ডিব্ৰুগড় মহানগৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী তথা স্থানীয় ৰাইজৰ সজাগতা অব্যাহত থকাৰ মাজতে আজি পল্টনবজাৰ অঞ্চলত এক ড্ৰাগছ বিৰোধী অভিযান চলোৱা হয়। এই অভিযানত প্ৰায় ১৩ গ্ৰাম নিষিদ্ধ ড্ৰাগছসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত সৰবৰাহকাৰীজনক অমিত মাহাতু বুলি চিনাক্ত কৰা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, পল্টনবজাৰ হিন্দী প্ৰাথমিক বিদ্যালয়ৰ সমীপত অমিত মাহাতুৱে সন্দেহজনকভাৱে ড্ৰাগছ বিক্ৰীৰ বাবে পৰিকল্পনা কৰি থকাৰ সময়তে তেওঁক কৰায়ত্ত কৰা হয়। অতি কৌশলৰে এটা চাধাৰ টেমাত ভৰাই অনা অৱস্থাত আৰক্ষীয়ে ড্ৰাগছখিনি জব্দ কৰে। জব্দকৃত ড্ৰাগছখিনিৰ ওজন প্ৰায় ১৩ গ্ৰাম হ’ব বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰা অনুসৰি, ধৃত অমিত মাহাতুৰ সৈতে এই অঞ্চলটোত এটা ডাঙৰ ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ সক্ৰিয় হৈ আছে। দীৰ্ঘদিন ধৰি অঞ্চলটোত ড্ৰাগছৰ মুকলি বেহা চলি থকাৰ বাবে স্থানীয় ৰাইজ অতিষ্ঠ হৈ পৰিছে আৰু এই চক্ৰটোৰ সৈতে জড়িত আন বহুকেইজন ব্যক্তিক শীঘ্ৰে কৰায়ত্ত কৰিবলৈ আৰক্ষীক দাবী জনাইছে। বৰ্তমান আৰক্ষীয়ে ধৃত মাহাতুক অধিক সোধা-পোছাৰ বাবে জিম্মাত লৈছে আৰু ইয়াৰ সৈতে জড়িত অন্য মূল সুঁতিৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.