...

ডিব্ৰুগড়ত ভুৱা ভিডিঅ’ প্ৰচাৰ কৰি আৰক্ষীৰ জালত যুৱক

ডিব্ৰুগড়ত ভুৱা ভিডিঅ’ প্ৰচাৰ কৰি আৰক্ষীৰ জালত যুৱক

‘ডিব্ৰুগড় লাইভ’ নামৰ ফেচবুক একাউণ্ট/পেজত অপপ্ৰচাৰ

চাইন অন ডেস্ক,৮জুন:

সামাজিক মাধ্যমত ভুৱা তথা অপ্ৰমাণিত ভিডিঅ’ প্ৰচাৰ কৰি জনসাধাৰণৰ মাজত আতংক সৃষ্টি কৰাৰ অভিযোগত ডিব্ৰুগড় আৰক্ষীয়ে এজন যুৱকক আটক কৰিছে।।
ডিব্ৰুগড় লাইভ নামৰ এটা ফেচবুক একাউণ্ট/পেজৰ জৰিয়তে এখন শিক্ষানুষ্ঠানৰ শিশু-কিশোৰৰ মাজত সংঘটিত হোৱা মাৰপিটৰ এটা ভিডিঅ’ ডিব্ৰুগড় জিলাৰ ঘটনা বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছিল। কিন্তু তদন্তত প্ৰকাশ পায় যে ভিডিঅ’টো ডিব্ৰুগড়ৰ নহয়, বৰঞ্চ বহু পুৰণি আৰু মহাৰাষ্ট্ৰৰ এটা ঘটনা।
এই বিভ্ৰান্তিকৰ ভিডিঅ’ সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ ফলত জনসাধাৰণৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া আৰু আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছিল। লগতে শিশুৰ পৰিচয় আৰু সুৰক্ষাৰ সৈতে জড়িত আইন উলংঘা কৰাৰ অভিযোগো উত্থাপিত হৈছিল।
এই ঘটনাৰ সন্দৰ্ভত ডিব্ৰুগড় থানাত গোচৰ নং ১৫৯/২০২৬ ৰুজু কৰি গোচৰটো ভাৰতীয় ন্যায় সংহিতা (BNS)-ৰ ধাৰা ৩৫৩ আৰু শিশু ন্যায় (যত্ন আৰু সুৰক্ষা) আইন, ২০১৫-ৰ প্ৰাসংগিক ধাৰাৰ অধীনত পঞ্জীয়ন কৰি ঋতুপৰ্ণ চেতিয়া (২৭) নামৰ যুৱকজনক আটক কৰে। তেওঁ নিজ মইদুমীয়া গাঁও বুলি জানিব পৰা গৈছে।
ডিব্ৰুগড়ৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকে (SSP) বিষয়টো গুৰুত্ব সহকাৰে লৈ ডিব্ৰুগড় থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়াৰ লগতে সংশ্লিষ্ট ফেচবুক পেজ/একাউণ্টটো স্থায়ীভাৱে বন্ধ কৰাৰ বাবেও পদক্ষেপ গ্ৰহণ কৰিছে।
আৰক্ষীয়ে জনসাধাৰণক সামাজিক মাধ্যমত কোনো ধৰণৰ খবৰ, ফটো বা ভিডিঅ’ শ্বেয়াৰ কৰাৰ পূৰ্বে তথ্যৰ সত্যতা চাই কৰিবলৈ আহ্বান জনাইছে। ভুৱা বা বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰ কৰিলে কঠোৰ আইনী ব্যৱস্থাৰ সন্মুখীন হ’ব লাগিব বুলিও আৰক্ষীয়ে সকীয়াই দিছে। উল্লেখযোগ্য যে, একাংশই ফেচবুকত পেইজ খুলি স্বয়ম্ভূ সাংবাদিক হ’বলৈ গৈ উপযুক্ত তথ্য প্ৰমাণ অবিহনে মাথোঁ টিআৰপিৰ বাবেই জনসাধাৰণক বিভ্ৰান্ত কৰা প‌্ৰবণতা বৃদ্ধি পোৱা দেখা গৈছে। ইয়াৰ বিৰুদ্ধে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ তৰফৰ পৰা কঠোৰ পদক্ষেপ গ্ৰহণ কৰা বাবে আৰক্ষীক দাবী জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *