...

বিশ্বনাথ জিলাত ৰাজসাহাৰ্যযুক্ত ইউৰিয়া সাৰৰ বৃহৎ চিণ্ডিকেট?

বিশ্বনাথ জিলাত ৰাজসাহাৰ্যযুক্ত ইউৰিয়া সাৰৰ বৃহৎ চিণ্ডিকেট?

২৬৬ টকাৰ এম আৰ পি ইউৰিয়া সাৰৰ বেগ ৪৮০ টকাকৈ বিক্ৰী

গভীৰ নিদ্ৰাত প্ৰশাসন, কৃষি বিভাগ!

গহপুৰ,৮জুন:

এম আৰ পিত উল্লেখ থকা দৰতকৈ অধিক হাৰত ইউৰিয়া সাৰ ক্ৰয় কৰি এতিয়া অসহায় হৈ পৰিছে ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ লগতে সাধাৰণ কৃষক সকল। বিশ্বনাথ জিলা প্ৰশাসন আৰু জিলা কৃষি বিভাগৰ উদাসীনতা আৰু নিধিৰাম চৰ্দাৰৰূপী ভূমিকাৰ বাবে বিশ্বনাথ জিলাত বিনাদ্বিধাই অব্যাহত আছে ভাৰত চৰকাৰৰ ৰাজ সাহাৰ্য্য যুক্ত ইউৰিয়া সাৰৰ বৃহৎ চিণ্ডিকেট। কিন্তু এই চিণ্ডিকেট বন্ধ কৰাত যেন চুড়ান্ত ভাবে ব্যৰ্থ হৈছে বিশ্বনাথ জিলা প্ৰশাসন। উল্লেখ্য যে-প্ৰধানমন্ত্ৰী ভাৰতীয় জন উৰ্বৰক পৰিযোজনা আঁচনিৰ অধীনত নামৰূপৰ ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেচন লিমিটেডে প্ৰস্তুত কৰা ৪৫ কেজি ওজনৰ “ভাৰত ইউৰিয়া”ৰ প্ৰতিটো বেগত প্ৰকৃত ব্যয় মূল্য ১১৬৭.৪৮ টকা বুলি উল্লেখ থকাৰ লগতে এনেধৰণৰ প্ৰতিটো বেগত ভাৰত চৰকাৰে দিয়া ৰাজ সাহাৰ্য্যৰ পৰিমাণ ৯৪৩.৬৫ টকা বুলি উল্লেখ আছে।সেই অনুসৰি কৰ সহ ৪৫ কেজি ওজনৰ এটা ইউৰিয়া বেগ ২৬৬.৮১ টকাত বিক্ৰী কৰিব লাগে বুলি প্ৰতিটো বেগত স্পষ্টকৈ লিপিবদ্ধ আছে। কিন্তু আচৰিত কথা এয়ে যে -চৰকাৰ প্ৰশাসনলৈ বুঢ়া আঙুলি দেখুৱাই বিশ্বনাথ জিলাৰ প্ৰতিটো প্ৰান্ততে ৪৫ কেজি ওজনৰ ভাৰত ইউৰিয়াৰ প্ৰতিটো বেগ ৪৮০ টকাকৈ বিক্ৰী হৈ আছে। চৰকাৰী বিধিগত নিয়মানুসৰি যিকোনো বিক্ৰী সামগ্ৰী বা বস্তুত উল্লেখ থকা এম আৰ পিতকৈ এটকাও যদি বেছিকৈ লোৱা হয় সেয়া অপৰাধ হিচাপে গণ্য কৰা হয়। তেনেক্ষেত্ৰত ২৬৬.৮১ টকা এম আৰ পি লিখা ৪৫ কেজি ওজনৰ ৰাজসাহাৰ্য যুক্ত ইউৰিয়া বেগ ৪৮০ টকা দৰত মুকলিকৈ বিক্ৰী হৈ থকা কাৰ্য্যক সহজভাৱে ল’ব পৰা নাই জিলাখনৰ কৃষক ৰাইজে।এই আপত্তিজনক বিষয়টোৰ ওপৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ পদক্ষেপ কামনা কৰি জিলাখনত অব্যাহত থকা ইউৰিয়াৰ চিণ্ডিকেট আৰু ক’লা বজাৰ বন্ধ কৰিবলৈ কৃষক ৰাইজে মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান জনাইছে। খাটিখোৱা কৃষক সকলৰ তেজ শুহি খোৱা এই বিষয়টোৰ ক্ষেত্ৰত বিশ্বনাথ জিলা আয়ুক্তৰ কৰণীয় একো নাই নেকি বুলিও প্ৰশ্ন উত্থাপন কৰিছে ভুক্তভোগী কৃষক ৰাইজে।

Leave a Reply

Your email address will not be published. Required fields are marked *