...

বিধান সভাত ইউ চি চি গৃহীতক আদৰণী ডিব্ৰুগড় বিজেপিৰ

বিধান সভাত ইউ চি চি গৃহীতক আদৰণী ডিব্ৰুগড় বিজেপিৰ

সংবাদমেলত ৰাজ্যিক সাধাৰণ সম্পাদক ঋতুপৰ্ণ বৰুৱা

চাইন অন ডেস্ক,৪জুন:

অসমৰ সামাজিক ব্যৱস্থাত এক নতুন অধ্যায়ৰ সূচনা কৰি যোৱা ২৭ মে’ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মাৰ নেতৃত্বত অসম বিধানসভাত “সম নাগৰিক সংহিতা-২০২৬” গৃহীত হোৱাৰ পাছত ৰাজ্যজুৰি আইনখনক লৈ ব্যাপক চৰ্চা অব্যাহত আছে। এই আইনৰ উদ্দেশ্য, প্ৰয়োজনীয়তা আৰু সমাজ জীৱনত ইয়াৰ সম্ভাৱ্য প্ৰভাৱৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ লক্ষ্যৰে ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ নিৰ্দেশমৰ্মে ডিব্ৰুগড় জিলা সমিতিয়ে ডিব্ৰুগড়ৰ জীৱন ফুকন নগৰস্থিত দলীয় মাণ্ডলিক কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক ঋতুপৰ্ণ বৰুৱাই কয় যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি নতুন চৰকাৰৰ প্ৰথম বিধানসভা অধিবেশনতেই বহু আলোচিত ইউ চি চি আইনখন গৃহীত কৰিবলৈ সক্ষম হৈছে। বৰুৱা উল্লেখ কৰে যে এই আইনখন সমাজত নাৰীৰ সুৰক্ষা, মৰ্যাদা আৰু সম অধিকাৰ নিশ্চিত কৰাৰ লক্ষ্যৰে প্ৰণয়ন কৰা হৈছে। ইউ চি চি কেৱল এখন আইন নহয়, ই সমাজ সংস্কাৰৰ এক শক্তিশালী পদক্ষেপ। এই আইনখন ২১ বছৰৰ তলত একাধিক সন্তানৰ মাতৃ হ’ব লগা নাৰীসকলৰ জীৱন-সংগ্ৰাম আৰু ত্যাগৰ প্ৰতি শ্ৰদ্ধাঞ্জলি স্বৰূপে উৎসৰ্গা কৰা হৈছে বুলি তেওঁ মন্তব্য কৰে। বৰুৱাই কয় যে, সম নাগৰিক সংহিতাৰ ধাৰণা স্বাধীনতাৰ পূৰ্বৰে পৰা ভাৰতৰ ৰাজনৈতিক আৰু সামাজিক চিন্তাধাৰাৰ অংশ হৈ আহিছে। তেওঁ দাবী কৰে যে, স্বাধীনতা আন্দোলনৰ সময়ত মহাত্মা গান্ধীয়েও এক সমতাভিত্তিক নাগৰিক আইনৰ পক্ষে মত প্ৰকাশ কৰিছিল। অসমৰ বিধানসভাত ইউ চি চি গৃহীত হোৱাৰ লগে লগে ৰাজ্যখন দেশৰ তৃতীয়খন ৰাজ্য হিচাপে এই ক্ষেত্ৰত ইতিহাস ৰচনা কৰিলে বুলিও তেওঁ উল্লেখ কৰে। তেওঁ অভিযোগ কৰে যে, গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছে এই আইনৰ বিৰোধিতা কৰি সমাজৰ একাংশক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিছে। কিন্তু এই আইনখনৰ সৰ্বাধিক উপকৃত হ’ব মুছলমান মহিলাসকলেই, কিয়নো ইয়াৰ জৰিয়তে তেওঁলোক অধিক আইনী সুৰক্ষা লাভ কৰিব বুলি তেওঁ কয়।
বহু বিবাহ প্ৰথাৰ বিৰুদ্ধে কঠোৰ স্থিতি লোৱাত সংবাদমেলত ঋতুপৰ্ণ বৰুৱাই স্পষ্টভাৱে কয় যে, কোনো সভ্য সমাজতে দ্বিতীয় বা বহু বিবাহ প্ৰথা গ্ৰহণযোগ্য নহয়। বহু বিবাহৰ ফলত পৰিয়ালত সৃষ্টি হোৱা সামাজিক আৰু মানসিক সমস্যাৰ বোজা বহন কৰিবলগীয়া হয় বিশেষকৈ মহিলা আৰু শিশুসকলে।
তেওঁ কয়, বহু বিবাহৰ ফলত জন্ম হোৱা সন্তানসকল বহু ক্ষেত্ৰত বৈষম্যৰ সন্মুখীন হয় আৰু দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে জীৱন কটাবলগীয়া হয়। নতুন আইনৰ অধীনত বহু বিবাহৰ সৈতে জড়িত ব্যক্তিসকল আইনগত ব্যৱস্থাৰ সন্মুখীন হ’ব লাগিব বুলি তেওঁ স্পষ্ট কৰে। দিব ইন ৰিলেচনছিপ আৰু লাভ জিহাদ সন্দৰ্ভত সংবাদমেলত লিভ ইন ৰিলেচনছিপ বিষয়টোও বিশেষভাৱে উত্থাপন কৰা হয়। ঋতুপৰ্ণ বৰুৱাই কয় যে, অসম তথা অসমীয়া সমাজ-সংস্কৃতিৰ মূল ভেটি হৈছে পৰিয়াল ব্যৱস্থা আৰু বিবাহৰ পবিত্ৰ বন্ধন। তেওঁৰ মতে, লিভ ইন ৰিলেচনছিপৰ প্ৰৱণতা বৃদ্ধি পালে পৰম্পৰাগত সামাজিক মূল্যবোধৰ ক্ষতি হোৱাৰ আশংকা থাকে। লগতে তেওঁ কয়, মুখ্যমন্ত্ৰীয়ে সমাজত দায়বদ্ধতা আৰু স্বচ্ছতা নিশ্চিত কৰাৰ লক্ষ্যৰে লিভ ইন ৰিলেচনছিপৰ সম্পৰ্কীয় ব্যৱস্থাসমূহক নিয়ন্ত্ৰণৰ আওতালৈ অনাৰ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ মূল উদ্দেশ্য হৈছে মহিলাসকলক প্ৰৱঞ্চনা, পৰিত্যাগ অথবা শোষণৰ পৰা সুৰক্ষা প্ৰদান কৰা। তেওঁ লাভ জিহাদৰ সন্দৰ্ভতো মন্তব্য কৰি কয় যে, প্ৰতাৰণামূলকভাৱে পৰিচয় গোপন কৰি গঢ়ি তোলা সম্পৰ্কক কঠোৰভাৱে নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা আইনত সন্নিবিষ্ট কৰা হৈছে। তেওঁৰ মতে, এই পদক্ষেপে সামাজিক স্থিৰতা আৰু মহিলাৰ সুৰক্ষা অধিক শক্তিশালী কৰিব। ইয়াৰ উপৰিও ঋতুপৰ্ণ বৰুৱাই স্পষ্ট কৰে যে, অসমৰ জনজাতীয় সমাজৰ নিজস্ব পৰম্পৰা, ৰীতি-নীতি আৰু সামাজিক ব্যৱস্থাক সন্মান জনাই ইউ চি চিৰ কিছু বিধানৰ পৰা অসমৰ জনজাতীয় লোক সকলক ৰেহাই দিয়া হৈছে। তেওঁ কয়, জনজাতীয় সমাজসমূহে পূৰ্বৰে পৰা যুগ যুগ ধৰি নাৰীক সন্মান আৰু মৰ্যাদা প্ৰদান কৰি আহিছে আৰু সেই ঐতিহ্য সংৰক্ষণৰ প্ৰতি চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। সংবাদমেলত ৰাজ্যিক সাধাৰণ সম্পাদক গৰাকীয়ে জনায় যে, প্ৰয়োজনীয় নিয়ম-নীতি প্ৰস্তুত কৰাৰ পাছত অহা ছমাহৰ ভিতৰতে ইউ চি চি আইনখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। তেওঁ শেষত কয় যে, ভাৰতীয় জনতা পাৰ্টিয়ে দীৰ্ঘদিন ধৰি নাৰীৰ সুৰক্ষা, সম অধিকাৰ, সন্মান আৰু সামাজিক ন্যায় প্ৰতিষ্ঠাৰ বাবে সংগ্ৰাম কৰি আহিছে। ইউ চি চি সেই লক্ষ্য পূৰণৰ দিশত এক ঐতিহাসিক পদক্ষেপ, যিয়ে আগন্তুক দিনত অসমৰ সমাজ জীৱনক অধিক সুসংগঠিত, সুৰক্ষিত আৰু সমতাভিত্তিক ৰূপ দিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *