...

অসম সম নাগৰিক সংহিতা (UCC) বিধেয়ক ২০২৬

অসম সম নাগৰিক সংহিতা (UCC) বিধেয়ক ২০২৬

ঢকুৱাখনা জিলা বিজেপিৰ কাৰ্য্যলয়ত সংবাদমেল

ঢকুৱাখনা,১জুন:

আজি ঢকুৱাখনা জিলা বিজেপি কার্যালয়ত ভাৰতীয় জনতা পার্টী, ঢকুৱাখনা জিলাৰ উদ্যোগত “অসম সম নাগৰিক সংহিতা (UCC) বিধেয়ক, ২০২৬” সম্পর্কে এক সংবাদমেল অনুষ্ঠিত হয়। ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলে, ঢকুৱাখনা জিলা বিজেপিৰ সভাপতি স্বৰোপ কোঁৱৰৰ লগতে দলৰ জ্যেষ্ঠ বিষয়ববীয়া, কার্যকর্তাৰ উপস্থিত থকা সংবাদমেলত উপস্থিত থাকি
অসম বিজেপিৰ ৰাজ্যিক মিডিয়া পেনেলিষ্ট ড° সঞ্জু বৰুৱাই কয় যে অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে উত্থাপন কৰা “অসম সম নাগৰিক সংহিতা (UCC) বিধেয়ক, ২০২৬” হৈছে সংবিধানৰ অনুচ্ছেদ ১৪ আৰু ৪৪-ৰ আদর্শ বাস্তৱায়নৰ দিশত এক যুগান্তকাৰী পদক্ষেপ। এই বিধেয়কে সমাজত আইনৰ সমতা, মহিলা সৱলীকৰণ, সামাজিক ন্যায় আক সু-শাসন প্রতিষ্ঠাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। অসমে দেশৰ তৃতীয়খন ৰাজ্য হিচাপে এক সাহসী, প্ৰগতিশীল আৰু সুদূৰপ্ৰসাৰী আইন প্ৰণয়ন কৰাৰ কথা উল্লেখ কৰি বিধেয়কখনৰ উল্লেখযোগ্য দিশসমূহ সংবাদমেলত উত্থাপন কৰি ড° বৰুৱাই কয় যে এক দেশ, এক আইন আৰু সকলো নাগৰিকৰ বাবে সমান অধিকাৰৰ নীতিৰ আধাৰত এই বিধেয়ক প্রস্তুত কৰা হৈছে। তেওঁ উল্লেখ কৰে যে উচ্চতম ন্যায়ালয়ে একাধিক ৰায়ৰ জৰিয়তে UCC প্ৰৱৰ্তনৰ প্রয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে।তেওঁ লগতে কয় যে এই বিধেয়কে কোনো ধৰ্মৰ বিৰুদ্ধে নহয়; বৰঞ্চ সকলো নাগৰিকৰ বাবে সমান অধিকাৰ, সামাজিক ন্যায় আৰু সাংবিধানিক সমতা নিশ্চিত কৰাৰ লক্ষ্যৰে আগবঢ়োৱা হৈছে।একবিবাহ ব্যৱস্থা বাধ্যতামূলক কৰা আৰু বহুবিবাহ নিষিদ্ধ কৰা,পুৰুষৰ বাবে ২১ বছৰ আৰু মহিলাৰ বাবে ১৮ বছৰ ন্যূনতম বিবাহৰ বয়স নির্ধাৰণ, সকলো বিবাহ আৰু বিবাহ বিচ্ছেদৰ বাধ্যতামূলক পঞ্জীয়ন আৰু অনুসূচিত জনজাতি (ST) সমাজৰ পৰম্পৰাগত ৰীতি-নীতি আৰু সাংবিধানিক অধিকাৰ অক্ষুণ্ণ বাখিবলৈ তেওঁলোকক এই বিধেয়কৰ আওতাৰ বাহিৰত ৰখাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক এই সাহসী, দূৰদর্শী আৰু ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।ভাৰতীয় জনতা পার্টীয়ে সদায় মহিলাৰ মৰ্যাদা, সামাজিক ন্যায়, সাংবিধানিক সমতা আৰু জাতীয় সংহতিৰ পক্ষে অৱস্থান গ্রহণ কৰি আহিছে আৰু ভবিষ্যতেও এই লক্ষ্যত অটল থাকিব বুলি সংবাদমেলত বিজেপিৰ ৰাজ্যিক মিডিয়া পেনেলিষ্ট ড° সঞ্জু বৰুৱাই উল্লেখ কৰে। সংবাদমেলত ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেয়ে অসম সম নাগৰিক সংহিতা (UCC) বিধেয়ক,২০২৬ ক সমতা,ন্যায় আৰু সামাজিক সংস্কাৰৰ দিশত এই ঐতিহাসিক প্ৰদক্ষেপ বুলি অভিহিত কৰি অসমত ন্যায় ,সমতা আৰু সু- শাসনৰ এক নতুন দিশ উন্মোচন কৰিব বুলি উল্লেখ কৰিএখন সুস্থ, ন্যায়ভিত্তিক আৰু সুৰক্ষিত সমাজ গঢ়াৰ ক্ষেত্ৰত এই পদক্ষেপৰ সুদূৰপ্ৰসাৰী ইতিবাচক প্ৰভাৱ পৰিব বুলি সংবাদমেলত অৱগত কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে সম নাগৰিক সংহিতা বিধেয়ক সমৰ্থন কৰা এন ডি এৰ প্ৰতিগৰাকী বিধায়কলৈ ধন্যবাদ জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *