এজাক যেন বেঙুনীয়া সপোন উৰিছে ঢকুৱাখনাত!
চৌদিশে বেঙুনীয়া সপোনত বিভোৰ!
পুলকজ্যোতি বৰা,ঢকুৱাখনা,৩১মে’:
ঋতু পৰিৱৰ্তন প্ৰকৃতিৰ নিয়ম।প্ৰকৃতিয়ে যেন এতিয়া নতুন সাজেৰে সজাই তুলিছে নিজকে।মানুহৰ হাই উৰুমি, ক্ষন্তেকীয়া ঔদ্ধত্যক নস্যাত কৰি, প্ৰকৃতিয়ে পালন কৰিছে চিৰাচৰিত নিয়ম।বসন্তৰ মৃদু সুবাসক বিদায় জনাই নৱ সজীৱতাৰ বতৰা লৈ ধৰাৰ বুকুলৈ নামি আহিছে বৰ্ষা ঋতু।এতিয়া এজাৰ ফুলাৰ বতৰ। বেজাৰ লগাবলৈ নহয়, মনৰ ডাৱৰ আঁতৰাবলৈকে যেন এতিয়া গছ ভৰি ফুলি উঠিছে এজাৰৰ হেজাৰ পাঁহি। এজাৰৰ ৰঙেৰে বেঙুনীয়া হৈ পৰিছে আকাশ।এজাৰে প্ৰকৃতিলৈ আনিছে প্ৰেমৰ ঋতু বৰ্ষাৰ বতৰা। চৌদিশে দেখা গৈছে বেঙুনীয়া এজাৰৰ চালে চকুৰোৱা দৃশ্য। আকাশ উজ্বলাই ফুলিব ধৰিছে হেজাৰ হেজাৰ এজাৰ ফুল।সেউজীয়া অসমভূমিত এতিয়া চৌপাশে দেখা গৈছে ফুলৰ মেলা৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে খেয়ালী প্ৰকৃতিয়ে সপোন ৰচিছে ঢকুৱাখনাৰ আকাশত৷প্ৰকৃতিৰ ৰম্যভূমি ঢকুৱাখনাৰ আকাশ শুৱনি কৰি ফুলিছে বেঙুনীয়া এজাৰ।সমগ্ৰ
আকাশ পৰিণত হৈছে এখন বেঙুণীয়া চাদৰলৈ। চাৰিকড়ীয়া পাৰৰ দুয়োপাৰে আকাশ শুৱনি কৰি ফুলা এজাৰে সৃষ্টি কৰিছে মনোমোহা পৰিৱেশৰ। আকাশ ভৰি ফুলা এজাৰৰ হেজাৰ হেজাৰ পাহিয়ে ৰঙীন কৰি তুলিছে ধৰাৰ বক্ষ ৷প্ৰকৃতিৰ বুকুত নিয়ম অনুসৰিয়েই আকাশ উপচাই ফুলি উঠা এজাৰ ফুলে উন্মনা কৰি তুলিছে বহুতক।এখন্তেক এজাৰৰ তলত ৰৈ নয়নাভিৰাম পৰিৱেশ উপভোগ কৰি বাটৰুৱাই নিজকে এজাৰৰ সৈতে বন্দী কৰিছে কেমেৰাৰ লেন্সত ৷প্ৰকৃতিৰ এই ন-ৰূপতেই প্ৰাণ পায় উঠে কবিৰ কবিতাই, সৃষ্টি হয় নতুন চিন্তা, নতুন সুৰৰ ,নতুন গীতৰ। অসমৰ
কত কবি, গীতিকাৰে আপোন মাটিৰ গোন্ধতেই নিমজ্জিত হৈ ৰচি গৈছে এনে বহু কালজয়ী গীত৷এজাৰ ফুলা দেখি হয়তো কোনোৱে গাইছে ‘এজাৰ ফুলা দেখি বেজাৰ কিয় লাগে…’। পথ-পথাৰ উপচি ফুলি উঠা এজাৰ ফুলৰ সৌন্দৰ্যৰ সেই নৈসৰ্গিক ৰূপে এতিয়া প্ৰকৃতিপ্ৰেমীৰ মন
জোৰাই পেলাইছে।কোনোবা শিল্পীয়েহে যেন আঁকিছে এই মনোৰম দৃশ্য।মানসিক ক্লান্তি দূৰ কৰি প্ৰকৃতিৰ এই মনোৰম দৃশ্যই প্ৰশান্তি কঢ়িয়াই আনিছে বহুতৰ মনলৈ ৷হালি-জালি ফুলা ফুলবোৰে এতিয়া হাত-বাউলি মাতিছে প্ৰকৃতিপ্ৰেমীক ৷অশান্ত সময়ত প্ৰশান্তিৰ ৰং বিলাই মানুহৰ হাই উৰুমি, ক্ষন্তেকীয়া ঔদ্ধত্যক নস্যাত কৰি, প্ৰকৃতিয়ে এনেদৰেই এতিয়া পালন কৰিছে চিৰাচৰিত নিয়ম।
Like this:
Like Loading...