বাৰিষা অহাৰ প্ৰাকমুহূৰ্তত ডিব্ৰুগড়ৰ থানা চাৰিআলি উৰণীয়া সেতুৰ কাষৰ বন্ধ নলা-নৰ্দমাই বঢ়াইছে কৃত্ৰিম বানৰ আশংকা
ডিজিটেল ডেস্কঃ
মূৰৰ ওপৰত বাৰিষা। অসমলৈ মৌচুমী বায়ুৰ আগমন ঘটিবলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। এনে সময়তে ডিব্ৰুগড় চহৰৰ অন্যতম ব্যস্ত অঞ্চল মানকটা পথৰ থানা চাৰিআলিস্থিত ৰে’লপথৰ উৰণীয়া সেতুৰ (ROB) দুই কাষৰ শোচনীয় নলা-নৰ্দমাই স্থানীয় ৰাইজৰ 
প্ৰাপ্ত তথ্য অনুসৰি, উৰণীয়া সেতুখনৰ দুই কাষৰ ৰে’ললাইনৰ পৰা মানকটা পথলৈকে থকা পথৰ দাঁতিৰ নলাসমূহ বৰ্তমান সম্পূৰ্ণৰূপে অকামিলা হৈ পৰিছে। নলাবোৰত অত্যধিক পৰিমাণে বোকা, মাটি আৰু জাবৰ-জোথৰ জমা হোৱাৰ লগতে হাবি-বন গজি উঠি পানী ওলাই যোৱাৰ স্বাভাৱিক পথ সম্পূৰ্ণৰূপে বন্ধ কৰি পেলাইছে। ফলত বৰষুণৰ পানী নিষ্কাষণ নহৈ অঞ্চলটো প্লাবিত হোৱাৰ সম্ভাৱনাই দেখা দিছে।
স্থানীয় বাসিন্দাসকলে অভিযোগ কৰা মতে, বিগত কেইবামাহো ধৰি এই পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে যদিও সংশ্লিষ্ট কৰ্তৃপক্ষই নলাসমূহ পৰিষ্কাৰ কৰাৰ বাবে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। নলাত বোকা আৰু জংঘল গজি উঠাৰ ফলত কেৱল পানীৰ সোঁত বন্ধ হোৱাই নহয়, সমগ্ৰ অঞ্চলটোত এক অস্বাস্থ্যকৰ পৰিৱেশৰো সৃষ্টি হৈছে। যাৰ ফলত এই ব্যস্ত পথেৰে যাতায়ত কৰা পথচাৰী আৰু দৈনিক যাত্ৰীসকল চৰম দুৰ্ভোগৰ সন্মূখীন হ’বলগীয়া হৈছে।
বাৰিষা সমাগত হোৱাৰ পৰিপ্ৰেক্ষিতত স্থানীয় ৰাইজ এতিয়া চিন্তিত হৈ পৰিছে। তেওঁলোকৰ মতে, বৰ্তমানৰ পৰিস্থিতিত সামান্য বৰষুণ দিলেই এই সমগ্ৰ অঞ্চলটো জলমগ্ন হৈ পৰিব। ফলত যান-বাহন চলাচল ব্যাহত হোৱাৰ লগতে স্থানীয় ব্যৱসায়ী আৰু আৱাসিক এলেকাৰ লোকসকলৰ ব্যাপক ক্ষতিসাধন হ’ব।
পৰিস্থিতিৰ গুৰুত্ব অনুধাৱন কৰি স্থানীয় ৰাইজে ডিব্ৰুগড় পৌৰ নিগমক (Dibrugarh Municipal Corporation) এই বিষয়টোত অতিশীঘ্ৰে হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনাইছে। বাৰিষাৰ ধাৰাসাৰ বৰষুণ আৰম্ভ হোৱাৰ পূৰ্বেই যুদ্ধকালীন তৎপৰতাৰে নলাসমূহৰ বোকা আৰু জাৱৰ চাফা কৰি পানী নিষ্কাষণৰ সুব্যৱস্থা কৰিবলৈ ভুক্তভোগী ৰাইজে সজোৰে দাবী উত্থাপন কৰিছে।
