ধুবুৰীৰ জ্যেষ্ঠ সাংবাদিক আছিকুৰ ৰহমানৰ পিতৃৰ পৰলোক
ধুবুৰী,৩০মে’:
ধুবুৰীৰ গৌৰীপুৰৰ বিশিষ্ট সমাজসেৱী তথা ধুবুৰীৰ জ্যেষ্ঠ সাংবাদিক আছিকুৰ ৰহমানৰ পিতৃ আবু ছালেহ আৰু নাই। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল প্ৰায় ৮০ বছৰ। ধুবুৰী জিলাৰ গৌৰীপুৰৰ ১ নং ৱাৰ্ড ভেৰভেৰী গাওঁ নিৱাসী আবু ছালেহ অসম চৰকাৰৰ বন বিভাগত
কৰ্মৰত আছিল। জীৱনৰ ওৰেটো সময় সামাজিক কাম কাজত জড়িত হৈ থকা বিশিষ্ট সমাজ সেৱী আবু ছালেহ ১৯৮৩ চনত নিজে আধা বিঘা মাটি দান কৰি তেওঁৰ পিতৃ মজিবৰ ৰহমানৰ নামত এখন প্ৰাথমিক বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল। পৰৱৰ্তীত ১৯৯১ চনত সেই বিদ্যালয় খন চৰকাৰী কৰণ হৈছিল।পৰৱৰ্তীত বিদ্যালয় খনে ২৪০২ নং মজিবৰ ৰহমান মেমোৰিয়েল স্কুল হিচাপে জনাজাত হৈ পৰিছিল। বিশিষ্ট সমাজ সেৱী আবু ছালেহ ৰ বিভিন্ন ধৰ্মাৱলম্বী লোকৰ সৈতে আছিল সু-সম্পৰ্ক। তেওঁ মছজিদ, মন্দিৰ আদি বিভিন্ন ধৰ্মীয় প্ৰতিষ্ঠানৰ উত্তৰণৰ হকে বিভিন্ন জনক সহায় কৰি গৈছিল। উল্লেখ্য যে, গৌৰীপুৰৰ ১ নং ৱাৰ্ডৰ ভেৰভেৰী গাওঁত পূৰ্বতে কোনো স্কুল নথকাত গাওঁ খনৰ কণ কণ ল’ৰা-ছোৱালীৰ শিক্ষা-দীক্ষা কৰাত যথেষ্ট অসুবিধা হৈছিল। পিচত আবু ছালেহে নিজৰ ফালৰ পৰা গাওঁ খনত এখন প্ৰাথমিক স্কুল স্থাপন কৰি শিক্ষাৰ পোহৰ বিলোৱাত যথেষ্ট অৰিহণা যোগাইছিল। ১৯৭০ৰ দশকত ভেৰভেৰী গাওঁত কোনো বিদ্যুতৰ সংযোগ নাছিল। বিশিষ্ট সমাজ সেৱী গৰাকীৰ আপ্ৰাণ চেষ্টাত ১৯৮১ চনত ভেৰভেৰী গাওঁত ৰাইজে বিদ্যুতৰ সংযোগ পাবলৈ সক্ষম হৈছিল। মৃত্যুৰ সময়ত বিশিষ্ট সমাজসেৱী আবু ছালেহ পত্নী, তিনি পুত্ৰ, পুত্ৰ বোৱাৰী, নাতি-নাতিনী আৰু বহুতো আত্মীয় স্বজন, গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়।
Like this:
Like Loading...