বিশ্বশান্তি কামনাৰে ডিব্ৰুগড়ত শান্তিপূৰ্ণভাৱে ত্যাগৰ উৎসৱ ঈদুজ্জোহা পালন
চাইন অন ডেস্ক,২৮মে’:

ডিব্ৰুগড়ৰ আমোলাপট্টিত থকা “আলহজ জালালউদ্দিন আহমেদ ঈদগাহ”ত প্ৰায় তিনি হাজাৰ লোকে নামাজত অংশ গ্ৰহণ কৰে। ইয়াত ইমামতি কৰে অসম জামিউল উলুম মাদ্ৰাছাৰ প্ৰধান মৌলানা আলহজ মঞ্জুৰ আহমেদে। তেওঁ বিশ্ব শান্তি কামনা কৰি সকলোৰে মঙ্গল কামনা কৰি দোৱা মাগে। ডিব্ৰুগড়ত থকা ৩০(ত্ৰিশ) টা মছজিদতো শান্তিপূৰ্ণভাৱে আজি ঈদৰ নামাজ অনুষ্ঠিত হয়। ডিব্ৰুগড়ৰ নালিয়াপুল জামে মছজিদৰ পেচ ইমাম মৌলানা চৈয়দ মোবাৰক হুছেইন, ডিব্ৰুগড় কনভয় ৰোড ন- মছজিদৰ পেচ ইমাম হাফিজ ইনামুল আলি, দক্ষিণ আমোলাপট্টি ৰ’জগলি মছজিদৰ পেচ ইমাম মৌলবী আবু তালিব, তিনিকুনিয়া মছজিদৰ পেচ মৌলানা আতিকুৰ ৰহমান কাচিমি, পল্টন বজাৰ মছজিদৰ পেচ ইমাম মৌলানা তনবীৰ ছাকবী আদিয়ে নিজ নিজ মছজিদত ঈদৰ নামাজত ইমামতি কৰে।
ডিব্ৰুগড় গ্ৰাহাম বজাৰত থকা কেন্দ্ৰীয় ঈদগাহ সমিতিৰ সভাপতি আলহজ আমানুল্লা আনচাৰি আৰু সম্পাদক আলহজ চৌকত আলিয়ে জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন, বিদ্যুত বিভাগ, পৌৰ নিগম, আদিৰ লগতে জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে সকলোৰে সহায় সহযোগিতা বাবে ধন্যবাদ জ্ঞাপন কৰে।ডিব্ৰুগড় সদৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নয়ন মনি বৰুৱাই ডিব্ৰুগড়ত ইছলাম ধৰ্মী লোকসকলে শান্তিপূৰ্ণ ভাৱে ঈদ পালন কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে।ভ্ৰাতৃত্বৰ এনাজৰী ডাল আৰু অধিক সুদৃঢ় কৰাৰ কামনাৰে ঈদ উপলক্ষে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে ঈদৰ শুভেচ্ছা জনাইছে।