...

মটক জনগোষ্ঠীৰ যুৱনেতা বিতোপন দুৱৰালৈ ২০২৬ বৰ্ষৰ শ্ৰেষ্ঠ উদ্যমী ৰাষ্ট্ৰীয় সম্মান

মটক জনগোষ্ঠীৰ যুৱনেতা বিতোপন দুৱৰালৈ ২০২৬ বৰ্ষৰ শ্ৰেষ্ঠ উদ্যমী ৰাষ্ট্ৰীয় সম্মান

চাইন অন ডেস্ক,২৫মে’:

গুৱাহাটীৰ জ্যোতি চিত্ৰবনত ২৪ মে’ ত অনুষ্ঠিত হোৱা নৱ প্ৰজন্মৰ ২০২৬ বৰ্ষৰ শ্ৰেষ্ঠ উদ্যমী যুৱ নেতা সম্মান ৰাষ্ট্ৰীয় বঁটা অসমৰ কেবা গৰাকী ব্যক্তিক । ইয়াৰ ভিতৰত ৰাজেশ ভূঞা চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক অভিনেতা চম্পক শৰ্মা , ট্টেজেডি কিং খ্যাত মৃদুল ভূঞা, বিতোপন দুৱাৰ আদিক এই অনুষ্ঠানত বঁটা প্ৰদান কৰে। সেই অনুষ্ঠানত ভ্ৰাম্যমাণ জগতৰ লগতে সাহিত্যিক, বুদ্ধিজীৱী, সমাজ সংগঠক অভিনয় জগতৰ কলা-কৌশলী, শিক্ষাবিদ, দল সংগঠনৰ নেতৃত্ব,সমাজ সচেতন ব্যক্তি লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলকো এই ৰাষ্ট্ৰীয় সন্মান প্ৰদান কৰে। গুৱাহাটীত নেবকছৰ উদ্যোক্তা সমিতিয়ে জাতিটোৰ প্ৰতি থকা দ্বায়বদ্ধতা, স্বজাতিৰ উন্নয়ন কল্পে শ্ৰেষ্ঠ উদ্যমী যুৱ নেতা ২০২৬ বটাঁ মটক জনগোষ্ঠীৰ বলিষ্ঠ নেতা তথা মটক জনগোষ্ঠীৰ সুযোগ্য সন্তান, আদিম ভূমিপুত্ৰ মটক জনগোষ্ঠীৰ একমাত্ৰ ছাত্ৰ সংগঠন সদৌ অসম মটক ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিতোপন দুৱৰালৈ এই বটাঁ প্ৰদান কৰা হয় ।এই বটাঁত এখন, সম্বৰ্ধনা পত্ৰ, গামোচা, চেলেং, ফুলাম জাপি, এটা স্মাৰক এখন নেবকছৰ স্মৰণীকা, এখন কবিতা পুথি প্ৰদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *