...

ডিব্ৰুগড়ৰ প্ৰকাশ হোটেলত গ্ৰাহকৰ ধোচাত পইতাচোৰা !

ডিব্ৰুগড়ৰ প্ৰকাশ হোটেলত গ্ৰাহকৰ ধোচাত পইতাচোৰা !

জিলা প্ৰশাসন আৰু পৌৰসভাৰ জৰুৰী অভিযান

চাইন অন ডেস্ক,২৫মে’:

ডিব্ৰুগড় মহানগৰৰ চৌকিডিঙ্গীস্থিত অন্যতম পৰিচিত খাদ্য প্ৰতিষ্ঠান ‘প্ৰকাশ হোটেল’ত এক জঘন্য তথা আশ্বৰ্যজনক ঘটনা পোহৰলৈ আহিছে। ২৪ মে’ত হোটেলখনত ধোচা খাই থকাৰ সময়তে এজন গ্ৰাহকৰ খাদ্যত উদ্ধাৰ হয় এটা মৃত পঁইতাচোৰা। প্ৰাপ্ত খবৰ অনুযায়ী, দুজন যুৱকে হোটেলখনত ধোচা খাই থকা অৱস্থাত চাম্বাৰৰ বাটিটোত পইতাচোৰাটো প্ৰত্যক্ষ কৰে। খাদ্যৰ এনে চৰম অপৰিষ্কাৰ ৰূপ দেখি ক্ষুব্ধ হৈ পৰা যুৱকদ্বয়ে লগে লগে সমগ্ৰ বিষয়টো জিলা প্ৰশাসনক অৱগত কৰে আৰু এক লিখিত অভিযোগ দাখিল কৰে। গ্ৰাহকৰ অভিযোগক গুৰুত্বসহকাৰে লৈ আজি ডিব্ৰুগড় জিলা প্ৰশাসন আৰু ডিব্ৰুগড় পৌৰ নিগমৰ এটা সঁজাতী দল উপস্থিত হয় প্ৰকাশ হোটেলত। অভিযান্ত্ৰিক বিভাগ, পৰিৱেশ আৰু বৈদ্যুতিক শাখাৰ কাৰিকৰী বিষয়াৰ লগতে ট্ৰেড লাইচেঞ্চ শাখাৰ বিষয়াক লৈ গঠিত দলটোৱে হোটেলখনৰ পাকঘৰ আৰু খাদ্যৰ গুণগত মান পৰীক্ষা কৰিবলৈ এক আকস্মিক তালাচী অভিযান চলায়। অভিযান কালত সাংবাদিকৰ মুখামুখি হৈ পৌৰসভাৰ নগৰ কাৰিকৰী বিষয়াজনে কয় যে প্ৰাথমিক তদন্তত হোটেলখনত কিছুমান গুৰুতৰ অস্বাস্থ্যকৰ সমস্যা ধৰা পৰিছে। তেওঁ লগতে জানিবলৈ দি কয়, ‘যিখিনি আমি দেখিলো, এই সকলোবোৰ আমি জিলা প্ৰশাসন আৰু উচ্চ কৰ্তৃপক্ষক ৰিপোৰ্ট কৰিম। আমাক কেৱল ইনস্পেকশ্বন (পৰিদৰ্শন) কৰিবলৈহে কোৱা হৈছিল। আমাৰ প্ৰতিবেদনৰ ভিত্তিত পৰৱৰ্তী সময়ত প্ৰশাসনে যি সিদ্ধান্ত ল’ব লাগে ল’ব।’ লাইচেঞ্চ সম্পৰ্কে সোধা এক প্ৰশ্নৰ উত্তৰত বিষয়াজনে জানিবলৈ দিয়ে যে হোটেলখনৰ ট্ৰেড লাইচেঞ্চ পৰীক্ষা কৰা হৈছে আৰু তাত কোনো আসোঁৱাহ পোৱা হোৱা নাই। কিন্তু খাদ্যত ওলোৱা কৃত্ৰিম ৰং আৰু অস্বাস্থ্যকৰ পৰিৱেশৰ ওপৰত বিভাগীয় নিয়ম অনুসৰিহে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। বৰ্তমান হোটেলখন বন্ধ কৰি ৰখা হৈছে নেকি বা কেতিয়া খোলা হ’ব সেই সন্দৰ্ভত বিষয়াজনে স্পষ্টকৈ কয় যে ইয়াৰ সম্পূৰ্ণ কৰ্তৃত্ব ডিব্ৰুগড় পৌৰ নিগমৰ কমিছনাৰ, ই অ’ অথবা জিলা প্ৰশাসনৰ হাতত আছে। আনহাতে, ফুড ছেফটি বিভাগেও যদি ইয়াত কোনো আইন উলংঘাৰ ঘটনা দেখা পায়, তেন্তে তেওঁলোকেও নিজৰ অধিকাৰক্ষেত্ৰৰ ভিতৰত স্বতন্ত্ৰ সিদ্ধান্ত ল’ব পাৰিব। ধোচাত পইতাচোৰা ওলোৱা এই ঘটনাই এতিয়া ডিব্ৰুগড় মহানগৰৰ খাদ্যপ্ৰেমীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। নামী-দামী হোটেলসমূহৰ এনে চৰম গাফিলতিৰ বিৰুদ্ধে প্ৰশাসনে কেনে কঠোৰ স্থিতি গ্ৰহণ কৰে, সেয়া এতিয়া লক্ষ্যণীয় হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *