...

ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু মিৰাণ্ডা হাউছৰ মাজত বুজা-বুজিৰ চুক্তি স্বাক্ষৰিত

ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু মিৰাণ্ডা হাউছৰ মাজত বুজা-বুজিৰ চুক্তি স্বাক্ষৰিত

চাইন অন ডেস্ক,২৫ মে’:

ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু দিল্লী বিশ্ববিদ্যালয়ৰ মিৰাণ্ডা হাউছৰ মাজত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ কাৰ্যালয়ত উপাচাৰ্য অধ্যাপক জিতেন হাজৰিকাৰ উপস্থিতিত এক বুজাবুজি চুক্তি (MoU) স্বাক্ষৰিত হয়। এই চুক্তিৰ লক্ষ্য হৈছে শৈক্ষিক আৰু আন্তঃবিষয়ক সহযোগিতামূলক গৱেষণা, ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচী আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধি কৰা। এই উপলক্ষে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য অধ্যাপক জিতেন হাজৰিকাই যৌথ গৱেষণা প্ৰকল্প, প্ৰকাশন আৰু শিক্ষাৰ্থী ইণ্টাৰ্ণশ্বিপক এই বুজাবুজি চুক্তিৰ মূল কেন্দ্ৰবিন্দু হিচাপে গুৰুত্ব আৰোপ কৰে। দিল্লী বিশ্ববিদ্যালয়ৰ মিৰাণ্ডা হাউছৰ অধ্যক্ষা অধ্যাপিকা বিজয়ালক্ষ্মী নন্দাই কয় যে, এই চুক্তিয়ে উত্তৰ-পূব ভাৰতৰ সৈতে আমাক অধিক ওচৰ চপাই আনিব আৰু আমি একেলগে গৱেষণা, উদ্ভাৱন আৰু নাৰী নেতৃত্বাধীন উন্নয়নৰ দিশত কাম কৰিব পাৰিম। প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত দেশ উদ্ভাৱন আৰু স্থায়িত্বৰ দিশত আগবাঢ়িছে। তেওঁ লগতে কয় যে, ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত, ভাৰতীয় জ্ঞান পৰম্পৰা (IKS) আগুৱাই নিয়া, উত্তৰ-পূব ভাৰতৰ মহিলাসকলৰ কণ্ঠ প্ৰকাশ কৰা আৰু জলবায়ু পৰিৱৰ্তন অধ্যয়নৰ ক্ষেত্ৰত দিল্লী বিশ্ববিদ্যালয়ৰ সৈতে সহযোগিতাৰে কাম কৰাৰ আশা ৰাখিছে।
এই বুজাবুজি চুক্তিখনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° পৰমানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে স্বাক্ষৰ কৰে‌ আৰু সন্তুষ্টি প্ৰকাশ কৰে। অনুষ্ঠানটোত মিৰাণ্ডা হাউছৰ নৰ্থ ইষ্ট ৰিছ’ৰ্চ এণ্ড ৰিছাৰ্চ চেণ্টাৰৰ সদস্যসকল (প্ৰফেচাৰ বাসবী গুপ্তা, ড০ অংকিতা মেধি‌ আৰু ড০ সোমদত্তা সিংহ ৰয়) উপস্থিত আছিল। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা বায়ুমণ্ডলীয় অধ্যয়ন কেন্দ্ৰৰ অধ্যক্ষ অধ্যাপক কল্যাণ ভূঞা, কেন্দ্ৰটোৰ অধ্যাপিকা ড° বিনীতা পাঠক আৰু ড° বৰ্ষা বৰুৱা, লগতে তথ্য তথা আইন বিষয়া দেৱৰাজ শৰ্মা উপস্থিত থাকি অনুষ্ঠানটোত সহায় আৰু সমৰ্থন আগবঢ়ায়।

Leave a Reply

Your email address will not be published. Required fields are marked *