...

ভূলুন্ঠিত মানৱতা !নৱজাতকৰ মৃতদেহ উদ্ধাৰ তীব্ৰ চাঞ্চল্য

ভূলুন্ঠিত মানৱতা !নৱজাতকৰ মৃতদেহ উদ্ধাৰ তীব্ৰ চাঞ্চল্য

চাইন অন ডেস্ক,২৫মে’:

হায় মানৱতা!যি সময়ত এক সন্তানৰ বাবে বহু মাতৃয়ে হাহাকাৰ কৰিছে। সেই সময়ত এনে বুকু কপি যোৱা দৃশ্যই সকলোৰে চকু কপালত তুলিছে।তথ্য অনুসৰি
মৈৰাবাৰীৰ গৰীয়াবৰীত এক মৃত নৱজাতক উদ্ধাৰ হৈছে। হস্পিতালৰ কাৰ্টুনৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ নৱজাতকৰ।
মানৱতাক ভূলুণ্ঠিত কৰি এনেদৰেই হস্পিতালৰ কাৰ্টুনত ভৰাই পেলাই থৈ গল নৱজাতকৰ মৃতদেহ।

কোনো পাষাণ মাতৃৰ অবৈধ কৰ্মকাণ্ডৰ পৰিণতিৰ ফল ভুগিলে দুৰ্ভগীয়া নৱজাতকটোৱে।

ঘটনা স্থলীত মৈৰাবাৰী আৰক্ষী উপস্থিত হৈ নৱজাতকটিক উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।

এনেদৰে গৰিয়াবড়ী গাঁৱত নৱজাতকৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ স্থানীয় ৰাইজ মাজত সৃষ্টি হৈছে চাঞ্চল্যৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *