...

ডিব্ৰুগড়ত আছুৰ উত্তাল প্ৰতিবাদ

ডিব্ৰুগড়ত আছুৰ উত্তাল প্ৰতিবাদ

মূল্যবৃদ্ধি নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থতাৰ অভিযোগ

চাইন অন ডেস্ক,২২ মে’:

ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে আজি ডিব্ৰুগড় মহানগৰত এক উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই সাব্যস্ত কৰা এই প্ৰতিবাদৰ জৰিয়তে মূল্যবৃদ্ধি নিয়ন্ত্ৰণত চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলি তীব্ৰ ক্ষোভ উজাৰে। আজি ডিব্ৰুগড়ৰ শ্বহীদ ভৱনৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়লৈ উলিওৱা এই বিশাল বিক্ষোভ সমদলত সংগঠনটোৰ বিষয়ববীয়াৰ লগতে ৫ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে মূল্য হ্ৰাসৰ দাবীত চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক বুলবুল দত্তই চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে। তেওঁ কয়, সমগ্ৰ অসমত বিপুল ভোটত জয়লাভ কৰি বিজেপি চৰকাৰে ইতিমধ্যে চৰকাৰ গঠন কৰিছে। কালিৰ পৰা আৰম্ভ হোৱা বিধানসভাৰ মজিয়াত এতিয়া মূল ইছ্যু হ’ব লাগে— কেনেকৈ অসমৰ পৰা মূল্যবৃদ্ধি ৰোধ কৰিব পাৰি। মুখ্যমন্ত্ৰীয়ে গঠন কৰা ‘টাস্ক ফ’ৰ্চ’ৰ প্ৰসংগ টানি তেওঁ কয় যে, টাস্ক ফ’ৰ্চ গঠনৰ পিছতো আজিৰ তাৰিখত কণী, গাখীৰ, পেট্ৰ’লৰ পৰা আৰম্ভ কৰি প্ৰতিটো খাদ্য বস্তুৰে অস্বাভাৱিক মূল্যবৃদ্ধি হৈছে, যাৰ বাবে সৰ্বসাধাৰণ ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ডিব্ৰুগড় মহানগৰৰ বজাৰ ব্যৱস্থাক আঙুলিয়াই তেওঁ কয়, খাৰুপেটীয়াৰ পৰা যিবোৰ শাক-পাচলি ২০-৩০ টকাত আহে, সেইবোৰ ডিব্ৰুগড় পাই মানে ১০০ টকা কেনেকৈ হয়? ইয়াৰ আঁৰত থকা মধ্যভোগী আৰু দালালসকলক ধৰিবলৈকে আমি আজি ৰাজপথলৈ ওলাই আহিছোঁ। মহানগৰখনৰ মাৰোৱাৰীপট্টিৰ একাংশ আলু-

পিয়াজৰ ব্যৱসায়ীয়ে কৃত্ৰিম নাটনি সৃষ্টি কৰি সামগ্ৰী মজুত ৰখা বুলিও তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰে আৰু এনে দালালচক্ৰক উৎখাত কৰিবলৈ চৰকাৰক ২৪ ঘণ্টাৰ সময়সীমা বান্ধি দিয়ে। অন্যথা আগন্তুক দিনত ইয়াতকৈ তীব্ৰতৰ আন্দোলন গঢ়ি তোলা হ’ব বুলি তেওঁ হুংকাৰ প্ৰদান কৰে। আনহাতে, ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি ৰূপজ্যোতি বৰঠাকুৰে ক্ষোভ প্ৰকাশ কৰি কয় যে অসমৰ ৰাইজে অত্যন্ত হেঁপাহেৰে ভোট দি বিজেপিক উপহাৰ হিচাপে চৰকাৰখন গঠন কৰি দিছিল। কিন্তু চৰকাৰ গঠন হোৱাৰ লগে লগে তেওঁলোকে ৰাইজক কেৱল মূল্যবৃদ্ধিহে উপহাৰ দিলে, যাৰ বাবে বৰ্তমান সৰ্বসাধাৰণ ৰাইজে ককবকাবলগীয়া হৈছে। বেজি এটাৰ পৰা হাতী এটালৈকে সকলোতে দাম বৃদ্ধি পোৱা বুলি উল্লেখ কৰি জিলা সভাপতিগৰাকীয়ে কয়, ইন্ধনজাত সামগ্ৰী হ্ৰাস কৰা বা লকডাউন সদৃশ পৰিৱেশৰ কথা কৈ মনৰ মাজত ত্ৰাসৰ সৃষ্টি কৰা হৈছে। যাৰ সুযোগ লৈ একাংশ ব্যৱসায়ীয়ে নিজাববীয়াকৈ দাম বৃদ্ধি কৰি এক বিভীষিকাৰ সৃষ্টি কৰিছে। তেওঁ চৰকাৰক প্ৰশ্ন কৰে যে মুখ্যমন্ত্ৰীৰ ওপৰত ৰাইজে আস্থা ৰাখি চৰকাৰ গঠন কৰি দিয়াৰ পিছত এতিয়া ৰাইজক এনেদৰে ককবকাই থাকিবলৈ দিয়া হ’ব নেকি? ভাৰতৰ প্ৰেক্ষাপট যিয়েই নহওক, অসমৰ প্ৰেক্ষাপটত মুখ্যমন্ত্ৰীয়ে কি বিশেষ পদক্ষেপ গ্ৰহণ কৰে, তালৈ ৰাইজে চাই আছে বুলি তেওঁ মন্তব্য কৰে। চলিত বিধানসভাৰ মজিয়াতে ক’লা বজাৰী ৰোধ কৰিবলৈ চৰকাৰে এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰি জনসাধাৰণক সকাহ দিব বুলি ছাত্ৰ সন্থাই আশা প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *