...

তৃতীয় বাৰ্ষিক সমাজকৰ্মী চিদানন্দ শইকীয়া সোঁৱৰণী

তৃতীয় বাৰ্ষিক সমাজকৰ্মী চিদানন্দ শইকীয়া সোঁৱৰণী

১৩ বছৰ অনুৰ্ধ আন্তঃপ্ৰশিক্ষণ কেন্দ্ৰ ফুটবল প্ৰতিযোগিতা–২০২৬”ৰ

চূড়ান্ত খেল, বঁটা বিতৰণি আৰু সামৰণি অনুষ্ঠান

চাইন অন ডেস্ক,২১মে’:

ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আয়োজিত “তৃতীয় বাৰ্ষিক সমাজকৰ্মী চিদানন্দ শইকীয়া সোঁৱৰণী ১৩ বছৰ অনুৰ্ধ আন্তঃপ্ৰশিক্ষণ কেন্দ্ৰ ফুটবল প্ৰতিযোগিতা–২০২৬”ৰ চূড়ান্ত খেল, বঁটা বিতৰণি আৰু সামৰণি অনুষ্ঠান ডিব্ৰুগড়ৰ ঐতিহ্যমণ্ডিত চৌকিডিঙি খেলপথাৰত উৎসাহ-উদ্দীপনা আৰু গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত সফলতাৰে অনুষ্ঠিত হৈ যায়। যোৱা ১৭ মে’ৰ পৰা আৰম্ভ হোৱা তিনিদিনীয়া এই প্ৰতিযোগিতাখনত জিলাখনৰ বিভিন্ন প্ৰান্তৰ মুঠ ১০ টা ফুটবল প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰায় ২০০ জন কণমানি খেলুৱৈয়ে অংশগ্ৰহণ কৰি নিজৰ প্ৰতিভা আৰু ক্ৰীড়া নৈপুণ্য প্ৰদৰ্শন কৰে।
তৃণমূল পৰ্যায়ৰ খেলুৱৈসকলৰ মাজত ফুটবল খেলৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰা, ক্ৰীড়াসুলভ মানসিকতা গঢ়ি তোলা, শৃংখলাবোধ আৰু দলীয় চেতনাৰ বিকাশ সাধন কৰাৰ উদ্দেশ্যে আয়োজিত এই প্ৰতিযোগিতাখনে কণমানি খেলুৱৈসকলৰ মাজত যথেষ্ট উৎসাহৰ সৃষ্টি কৰে। তিনিদিনীয়া প্ৰতিযোগিতাখনৰ প্ৰতিখন খেলতেই খেলুৱৈসকলৰ সুন্দৰ দলীয় সমন্বয়, আকৰ্ষণীয় আক্রমণভাগ আৰু শৃংখলাবদ্ধ খেল দৰ্শকৰ বিশেষ প্ৰশংসা লাভ কৰে।
আজি অনুষ্ঠিত চূড়ান্ত খেলখন অত্যন্ত প্ৰতিদ্বন্দ্বিতাপূৰ্ণ আৰু ৰোমাঞ্চকৰ হয়। নামৰূপ টাউন ক্লাৱ ফুটবল একাডেমী আৰু যদু শ্যাম ফুটবল প্ৰশিক্ষণ কেন্দ্ৰৰ মাজত অনুষ্ঠিত হোৱা খেলখনত আৰম্ভণিৰে পৰা দুয়োটা দলেই আক্ৰমণাত্মক খেল প্ৰদৰ্শন কৰে। খেলৰ শেষ মুহূৰ্তলৈকে উত্তেজনা অব্যাহত থকা এই চূড়ান্ত খেলত নামৰূপ টাউন ক্লাৱ ফুটবল একাডেমী দলে ৩-২ গ’লৰ ব্যৱধানত যদু শ্যাম ফুটবল প্ৰশিক্ষণ কেন্দ্ৰক পৰাজিত কৰি “তৃতীয় বাৰ্ষিক সমাজকৰ্মী চিদানন্দ শইকীয়া সোঁৱৰণী ১৩ বছৰ অনুৰ্ধ আন্তঃপ্ৰশিক্ষণ কেন্দ্ৰ ফুটবল প্ৰতিযোগিতা–২০২৬”ৰ চূড়ান্ত বিজয়ী দল হিচাপে আত্মপ্ৰকাশ কৰে।
চূড়ান্ত খেল আৰু সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ডিব্ৰুগড় পৌৰ নিগমৰ মাননীয় মেয়ৰ ডঃ সৈকত পাত্ৰ। তেখেতে নিজৰ ভাষণত তৃণমূল পৰ্যায়ৰ ক্ৰীড়া বিকাশৰ ক্ষেত্ৰত ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ ভূমিকাৰ শলাগ লয় আৰু কণমানি খেলুৱৈসকলক আগন্তুক দিনত অধিক নিষ্ঠা আৰু অনুশীলনৰ জৰিয়তে উচ্চ স্তৰলৈ আগবাঢ়িবলৈ আহ্বান জনায়।
অনুষ্ঠানত ট্ৰফী দাতা হিচাপে উপস্থিত থাকে শ্ৰীমতী মিৰা শইকীয়া, শ্ৰীমতী লিপিকা শইকীয়া আৰু শ্ৰীমতী পামেলা শইকীয়া। লগতে ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সভাপতি শ্ৰীযুত নিৰঞ্জন শইকীয়া, কোষাধক্ষ শ্ৰীযুত প্ৰণৱ সোনোৱাল, যুটীয়া সম্পাদক শ্রীযুত অঞ্জন বৰুৱা, ডাঃ ধ্ৰুৱজ্যোতি কুৰ্মী, প্ৰাক্তন খেলুৱৈ লুকাছ ৰাভা, ডাঃ মণ্টু বড়ো, ফুটবল বিভাগৰ চেয়াৰমেন শ্ৰীযুত শংকৰ দাসসহ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
অনুষ্ঠানৰ এক বিশেষ আকৰ্ষণ আছিল ক্ৰীড়াৰ জৰিয়তে সমাজ গঠনৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা কেইবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা কাৰ্যসূচী। ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ ফালৰ পৰা শ্ৰীযুত উপেন ভূঞা, শ্ৰীযুত লুকাছ ৰাভা, শ্ৰীযুত ৰাজু দাস, শ্ৰীযুত অজিত দিহিঙীয়া, শ্ৰীযুত প্ৰাঞ্জল চাংমাই আৰু মেচ কমিচনাৰ শ্ৰীযুত সঞ্জীৱ কোঁৱৰক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। বক্তাসকলে উল্লেখ কৰে যে, তেখেতসকলৰ ক্ৰীড়াৰ ক্ষেত্ৰত নিষ্ঠাপূৰ্ণ অৱদান আৰু সামাজিক দায়বদ্ধতাই নতুন প্ৰজন্মক সদায় অনুপ্ৰাণিত কৰি আহিছে।
সামৰণি অনুষ্ঠানটো সুন্দৰ আৰু সুশৃংখলভাৱে আঁত ধৰে ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সহকাৰী সম্পাদক শ্ৰীযুত প্ৰীতম দাস আৰু ফুটবল সম্পাদক শ্ৰীযুত অসীম হাজৰিকাই।
প্ৰতিযোগিতাখনৰ বিভিন্ন ব্যক্তিগত সন্মান লাভ কৰা খেলুৱৈসকল হৈছে—
🏆 প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈঃ দিকো মৰাণ
(শলগুৰি ফুটবল প্ৰশিক্ষণ কেন্দ্ৰ)
⚽ সৰ্বাধিক গোলদাতাঃ মুন গগৈ
(নামৰূপ টাউন ক্লাৱ ফুটবল একাডেমী)
🧤 শ্ৰেষ্ঠ গ’লৰক্ষকঃ লক্ষ্য দ্বীপ গগৈ
(যদু শ্যাম ফুটবল প্ৰশিক্ষণ কেন্দ্ৰ)
⭐ চূড়ান্ত খেলৰ শ্ৰেষ্ঠ খেলুৱৈঃ মুন গগৈ
(নামৰূপ টাউন ক্লাৱ ফুটবল একাডেমী)
ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ ফালৰ পৰা প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা সকলো দল, খেলুৱৈ, প্ৰশিক্ষক, অফিচিয়েল, অতিথি তথা ক্ৰীড়াপ্ৰেমী ৰাইজক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰা হয়। লগতে আগন্তুক দিনতো তৃণমূল পৰ্যায়ৰ খেলুৱৈসকলৰ প্ৰতিভা বিকাশ আৰু ফুটবল খেলৰ উন্নয়নৰ লক্ষ্যৰে এনে ধৰণৰ প্ৰতিযোগিতা নিয়মীয়াকৈ আয়োজন অব্যাহত থাকিব বুলি সন্থাৰ ফালৰ পৰা আশা প্ৰকাশ কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *