ব্রহ্মপুত্রক অর্থনৈতিক জীৱনৰেখা হিচাপে গঢ়ি তুলিবলৈ কেন্দ্ৰৰ বৃহৎ পৰিকল্পনা;

“ৰাষ্ট্ৰীয় জলপথসমূহত কাৰ্গ সঞ্চালন ১, ১১১% বৃদ্ধি পাইছে, ২০১৪ চনত ১৮ মিলিয়ন মেট্রিক টনৰপৰা ২০২৫-২৬ চনত ২১৮ মিলিয়ন মেট্রিক টনলৈ বৃদ্ধি”: সোণোৱাল
“অসমত বৰ্তমান ১,১৭০ কোটি টকাৰো অধিক মূল্যৰ বৃহৎ জলপথ প্রকল্প চলি আছে”: সোণোৱাল
“অহা ৫ বছৰত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত জলপথ খণ্ডৰ আন্তঃগাঁথনি অধিক শক্তিশালী কৰাৰ বাবে ৪,৮০০ কোটি টকাৰ প্ৰকল্প ৰূপায়ণৰ পৰিকল্পনা কৰা হৈছে”: সোণোৱাল
গুৱাহাটী, ১৯ মে’ ২০২৬: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ব্ৰহ্মপুত্ৰক এক বহুমুখী অর্থনৈতিক কৰিড’ৰ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা অধিক তীব্ৰতৰ কৰি তুলিছে৷ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে পৰিবহণ, বাণিজ্য, পর্যটন আৰু নদী ব্যৱস্থাপনাক একেলগে সামৰি এক সমন্বিত পদক্ষেপ ত্বৰান্বিত কৰাত প্ৰাধান্য দিছে৷
এই পদক্ষেপৰ অগ্ৰগতি আজি গুৱাহাটীত অনুষ্ঠিত ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ গুৰুত্বপূৰ্ণ বৈঠকত বিতংভাৱে পৰ্যালোচনা কৰা হয়৷ বৈঠকত মন্ত্রী, উচ্চপদস্থ বিষয়া, কাৰিকৰী বিশেষজ্ঞ আৰু বিভিন্ন ৰাজ্যৰ প্ৰতিনিধিসকলে উত্তৰ-পূৰ্বাঞ্চলত বৈজ্ঞানিক নদী অৱবাহিকা 
আজি গুৱাহাটীত ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ চতুৰ্দশ বৈঠকত অংশগ্ৰহণ কৰা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে উপস্থিত থাকে কেন্দ্রীয় জল শক্তি মন্ত্রী চি আৰ পাটিল, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰাজ ভূষণ চৌধাৰী আৰু অসম চৰকাৰৰ মন্ত্ৰী অজন্তা নেওগকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মন্ত্ৰী তথা উচ্চপদস্থ বিষয়াসকল৷ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি কয়, “মাননীয় প্রধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত অভ্যন্তৰীণ জলপথসমূহে ভাৰতৰ অর্থনীতিক শক্তিশালী কৰি তুলিছে আৰু এক্ট ইষ্ট নীতিক এক নতুন গতি প্ৰদান কৰিছে৷ বিগত বছৰকেইটাত আমি উত্তৰ-পূৰ্বাঞ্চলৰ সংযোগক দ্ৰুতগতিত ৰূপান্তৰিত কৰিছোঁ: ৰাষ্ট্ৰীয় জলপথসমূহত কার্গ’ সঞ্চালন ১,১১১% বৃদ্ধি পাইছে, ২০১৪ চনত ১৮ মিলিয়ন মেট্রিক টনৰপৰা ২০২৫- ২৬ চনত ২১৮ মিলিয়ন মেট্রিক টনলৈ বৃদ্ধি পাইছে৷ অসমত বৰ্তমান ১,১৭০ কোটি টকাৰো অধিক মূল্যৰ বৃহৎ জলপথ প্রকল্প চলি আছে৷ অহা ৫ বছৰত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত জলপথ খণ্ডৰ আন্তঃগাঁথনি অধিক শক্তিশালী কৰাৰ বাবে 
এই উপলক্ষে ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “এই কৌশলৰ মূলতে আছে ব্ৰহ্মপুত্ৰক কেৱল এখন নদী হিচাপে নহয়, বৰঞ্চ উত্তৰ-পূৰ্বাঞ্চলত সংযোগ আৰু অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰিব পৰা এক গুৰুত্বপূৰ্ণ জাতীয় সম্পদ হিচাপে স্বীকৃতি দিয়া৷ ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে ৰাষ্ট্ৰীয় জলপথ-২ অর্থাৎ ব্ৰহ্মপুত্ৰৰ প্ৰকৃত সম্ভাৱনাক বাস্তৱায়িত কৰাৰ লক্ষ্যৰে কাম কৰি আহিছে৷ এই নদীপথে অসম তথা উত্তৰ-পূৰ্বাঞ্চলক ভাৰত-বাংলাদেশ প্ৰট’ক’ল জলপথ (IBPR)-ৰ জৰিয়তে কলকাতা আৰু হলদিয়া বন্দৰৰ সৈতে সংযোগ স্থাপন কৰি পৰিৱেশ অনুকূল, কম খৰচী আৰু কাৰ্যক্ষম পৰিবহণ ব্যৱস্থা পুনৰুজ্জীৱিত কৰিছে৷”
অসমত ইতিমধ্যে প্রায় ৭৫১ কোটি টকাৰ প্ৰকল্প সম্পূৰ্ণ কৰা হৈছে, যাৰ ভিতৰত আছে পাণ্ডু, ধুবুৰী আৰু যোগীঘোপাত গুৰুত্বপূৰ্ণ টার্মিনেলসমূহ, লগতে ভাসমান জেটি আৰু উন্নীত তীৰভিত্তিক সুবিধাসমূহ৷ বর্তমান ১,১০০ কোটিতকৈ অধিক মূল্যৰ চলি থকা প্ৰকল্পসমূহৰ ভিতৰত আছে ব্ৰহ্মপুত্ৰত ফেয়াৰৱে উন্নয়ন, জাহাজ মেৰামতি সুবিধা, পৰ্যটন জেটি আৰু ডিব্ৰুগড়ত আঞ্চলিক উৎকৰ্ষতাৰ কেন্দ্ৰ স্থাপন৷
সৰ্বানন্দ সোণোৱালে সমন্বিত নদী প্রণালী উন্নয়ন কৌশল ত্বৰান্বিত কৰাত,গুৰুত্ব আৰোপ কৰি কয়, ব্ৰহ্মপুত্ৰৰ উন্নয়ন মানে হৈছে এনে এক শক্তিশালী আৰু বহনক্ষম নদীকেন্দ্ৰিক পৰিস্থিতিতন্ত্র গঢ়ি তোলা, যিয়ে সংযোগ, বাণিজ্য আৰু আন্তঃগাঁথনিৰ বিকাশত 
ভৱিষ্যৎমুখী পৰিবহণ কৰিড’ৰ হিচাপে গঢ়ি তোলাৰ দিশত কাম কৰি আছোঁ৷”
কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলজুৰি প্ৰায় ৪,৮০০ কোটি টকাৰ জলপথ সংক্রান্তীয় প্রকল্পত বিনিয়োগ কৰি আছে৷ ইয়াৰ ভিতৰত আছে কমিউনিটি জেটি, কার্গ জাহাজ, ড্রেজাৰ আৰু ক্রুজ টার্মিনেল ইত্যাদি৷ এই পদক্ষেপসমূহে শেষ মাইললৈকে সংযোগ ব্যৱস্থা শক্তিশালী কৰা, লজিষ্টিক কাৰ্যক্ষমতা উন্নত কৰা আৰু নদীকেন্দ্ৰিক অঞ্চলসমূহত নিয়োগ সৃষ্টি কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে৷
নীতিগত পৰ্যায়ত ব্ৰহ্মপুত্ৰ ব’ৰ্ডক আধুনিক, প্রযুক্তি-চালিত নদী অৱবাহিকা সংস্থা হিচাপে পুনৰ গঢ়ি তোলা হৈছে৷ ইয়াৰ অন্তৰ্গত পৰিকল্পনাসমূহৰ ভিতৰত আছে ডিজিটেল ব্যৱস্থা, তথ্যভিত্তিক প্ৰকল্প মনিটৰিং আৰু এন ই এইচ এ আৰ আই (NEHARI)-ৰ দৰে গৱেষণা প্ৰতিষ্ঠানসমূহৰ পুনৰুজ্জীৱিতকৰণ৷
সৰ্বানন্দ সোণোৱালে আৰু কয় যে– নৰেন্দ্ৰ মোদী চৰকাৰে ব্ৰহ্মপুত্ৰক এক্ট ইষ্ট নীতিৰ অধীনত এক কৌশলগত শক্তি হিচাপে বিবেচনা কৰি আহিছে৷ স্থলপথ আৰু ৰে’ল পৰিবহণৰ তুলনাত অভ্যন্তৰীণ জলপথক অধিক মিতব্যয়ী আৰু পৰিৱেশ অনুকূল বিকল্প হিচাপে আগবঢ়োৱা হৈছে, যিয়ে যান-জঁট,
ইন্ধন ব্যৱহাৰ আৰু নিৰ্গমন হ্ৰাস কৰাত সহায় কৰে৷