...

বংগত এতিয়াৰে পৰা গুণ্ডাগিৰি সম্পূৰ্ণৰূপে উৎখাত কৰা হ’ব

বংগত এতিয়াৰে পৰা গুণ্ডাগিৰি সম্পূৰ্ণৰূপে উৎখাত কৰা হ’ব
পাৰ্ক চাৰ্কাছৰ ঘটনাৰ পিছতে হুংকাৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ
কলকাতা, ১৮ মে’ঃ

পশ্চিম বংগৰ পাৰ্ক চাৰ্কাছ অঞ্চলত দেওবাৰে সংঘটিত হোৱা শিলগুটি নিক্ষেপৰ ঘটনাক কেন্দ্ৰ কৰি আজি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে। কাশ্মীৰৰ প্ৰসংগ টানি আনি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, এনেধৰণৰ ঘটনা এতিয়া আৰু কাশ্মীৰতো নঘটে। আচলতে বংগত মানুহৰ মাজত এটা শিথিলতা আহি পৰিছিল—তেওঁলোকে ভাবিছিল যে চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে কোনো পদক্ষেপ গ্ৰহণ নকৰে।

আৰক্ষীৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ স্পষ্ট কৰি দিয়ে যে এতিয়াৰে পৰা আৰক্ষীয়ে সম্পূৰ্ণ আইনী ব্যৱস্থা গ্ৰহণ কৰিব। পূৰ্বৰ চৰকাৰক কটাক্ষ কৰি তেওঁ কয়, আৰক্ষী কৰ্মীসকল আহত হৈ থকাৰ বিপৰীতে গৃহমন্ত্ৰীয়ে শীত-তাপ নিয়ন্ত্ৰিত কোঠাত বহি কেৱল টিভি চাই থকা দিন এতিয়া অতীত হ’ল। সেই দিনবোৰ এতিয়া পাহৰি যাওক। এই মুহূৰ্তৰ পৰা বংগৰ বুকুৰ পৰা গুণ্ডাগিৰি সম্পূৰ্ণৰূপে উৎখাত কৰা হ’ব। এই বাৰ্তা সকলোৰে ওচৰলৈ যোৱা উচিত যে বৰ্তমানৰ চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ সাজু।

পাৰ্ক চাৰ্কাছৰ ঘটনাৰ সন্দৰ্ভত এক চাঞ্চল্য্যকৰ তথ্য প্ৰকাশ কৰি মুখ্যমন্ত্ৰী অধিকাৰীয়ে কয় যে ঘটনাটো সংঘটিত হোৱাৰ পূৰ্বেই কোনোবাই ছ’চিয়েল মিডিয়াত এই বিষয়ে পোষ্ট কৰিছিল আৰু আৰক্ষীয়ে বৰ্তমান সমগ্ৰ বিষয়টো তদন্ত কৰি আছে। তেওঁ কয় যে পূৰ্বতে কিছুমান ৰাজনৈতিক পক্ষপাতিত্বৰ বাবে আৰক্ষীয়ে সঠিকভাৱে কাম কৰিব পৰা নাছিল, কিন্তু এতিয়া তেওঁলোক মুক্ত আৰু ‘ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা’ (BNSS) ৰ অধীনত সম্পূৰ্ণ আইনী প্ৰক্ৰিয়াৰে কাৰ্যনিৰ্বাহ কৰি আছে। ইয়াৰ উপৰিও কলকাতা আৰক্ষীক অধিক শক্তিশালী আৰু আধুনিক কৰি তুলিবলৈ আন্তঃগাঁথনিমূলক উন্নয়নৰ কাম চলি থকা বুলি উল্লেখ কৰি তেওঁ কয়, অপেক্ষা কৰক আৰু চাওক, অতি সোনকালে এই বাহিনী আটাইতকৈ উৎকৃষ্ট আৰক্ষী বাহিনী হিচাপে প্ৰমাণিত হ’ব।

ৰাজ্যখনৰ আইন-শৃংখলা বৰ্তাই ৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰৰ সহযোগ বিচাৰি মুখ্যমন্ত্ৰীয়ে কয়, “মই কেন্দ্ৰীয় গৃহমন্ত্ৰীক অনুৰোধ জনাব বিচাৰো যাতে বৰ্তমান ৰাজ্যখনত মোতায়েন হৈ থকা অৰ্ধসামৰিক বাহিনীৰ ৪০ টা কোম্পানীক বিকল্প ব্যৱস্থা নোহোৱালৈকে ইয়াতেই থাকিবলৈ অনুমতি দিয়ে, অন্যথা আমি তীব্ৰ জনশক্তিৰ অভাৱৰ সন্মুখীন হ’ম। শেষত তেওঁ সাধাৰণ ৰাইজক আৰক্ষী আৰু চৰকাৰক পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। ইয়াৰ লগতে তেওঁ হুংকাৰ দি কয়, শিলগুটি নিক্ষেপ কৰা বা ধৰ্মীয় শ্লোগানৰ অপব্যৱহাৰ কৰি পৰিৱেশ বিনষ্ট কৰা—এনে কোনো কাৰ্যই বংগত কোনো পৰিস্থিতিতে সহ্য কৰা নহ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *