ডিব্ৰুগড় মিলন নগৰস্থিত মাল্টিপাৰপাছ ইণডোৰ স্পৰ্টছ হ’লত মহিলা পতঞ্জলি যোগ সমিতি অসমৰ মিলন সমাৰোহ খনি এক গাম্ভীয্যপূৰ্ণ কাৰ্যসূচীৰে ১৭ মে’ত অনুষ্ঠিত হৈ যায়৷এই মিলন সমাৰোহ খনিত বিশেষ ভাৱে উপস্থিত থকা পতঞ্জলি যোগ সমিতিৰ কেন্দ্ৰীয় প্ৰভাৰী স্বাধ্বী ড° দেৱপ্ৰিয়াজীয়ে বন্তি প্ৰজ্বলনেৰে কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে৷ বিভিন্ন জিলাৰ পৰা প্ৰতিনিধিত্ব কৰি প্ৰায় ডেৰ সহস্ৰাধিক সদস্যা উপস্থিত থকা সমাৰোহখনিত ভিডিঅ কণফাৰেনচিং যোগেদি হৰিদ্বাৰৰ পৰা যোগ গুৰু ৰামদেৱে এক আৰ্শীবাদমূলক বক্তব্য আগ বঢ়ায়৷ কাৰ্য্যসূচীৰ আয়োজক সমিতিৰ সভানেত্ৰী তথা ৰাজ্যিক কাৰ্য্যকাৰিণী কৰৱী বৰঠাকুৰ পাল আৰু সম্পাদিকা তথা ডিব্ৰুগড় জিলা মহিলা পতঞ্জলি যোগ সমিতিৰ প্ৰভাৰী হিৰণ্য দত্ত(উষা)ই সকলোলৈ আদৰণি ভাষণ আগবঢ়ায়৷কেন্দ্ৰীয় প্ৰভাৰী স্বাধ্বী ড° দেৱপ্ৰিয়াজীয়ে যোগশিক্ষাৰ সামগ্ৰিক প্ৰয়োজণীয়তা, দৈনন্দিন জীৱনত ইয়াৰ প্ৰয়োগ লগতে সমাজ গঠনত যোগৰ প্ৰাসঙ্গিকতা সম্পৰ্কে অতি সৰল ভাষাত বিভিন্ন উপমাৰে সকলোকে বুজাই কয়৷ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা উপস্থিত থকা স্বাধ্বী দেৱবিভূতিয়ে এটি ভজন পৰিবেশন কৰে আৰু স্বাধ্বী দেৱসম্যজীয়ে সুস্থ সমাজ গঠনত মহিলাৰ দায়িত্ব আৰু নৈতিক মূল্যবোধৰ ওপৰত চমুকৈ আলোকপাত কৰে৷ সমাৰোহত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা শ্ৰী শ্ৰী অণিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° হিৰেন্দ্ৰ নাথ শৰ্ম্মা, ডি এইচ এচ কে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শইকীয়া, উজনি অসমৰ মণ্ডল প্ৰভাৰী হৃদয়ানন্দ বাৰ্মা আৰু অসম পৰ্যটণ নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই এটিকৈ শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়৷অসম মহিলা পতঞ্জলি যোগ সমিতিৰ ৰাজ্যিক প্ৰভাৰী ললিতা বালা ব্ৰহ্ম আৰু উত্তৰ পূৰ্ৱাঞ্চলৰ সমন্বয়ক ৰীতা সিঙে বাৰ্ষিক প্ৰতিবেদন পাঠ কৰে৷ ড° দিব্যজ্যোতি বৰাই আঁত ধৰা উক্ত অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়াই জিলা প্ৰভাৰী হিৰণ্য দত্তই (উষা)৷ডিব্ৰুগড় জিলা মহিলা পতঞ্জলি যোগ সমিতিৰ যোগ সাধিনী সকলে কেন্দ্ৰীয় প্ৰভাৰী স্বাধ্বী ড° দেৱপ্ৰিয়াক এখনি শৰাই, ফুলৰ থোপা, গামোচা আৰু এখনি সম্বৰ্দ্ধনা পত্ৰৰে আদৰণি জনায়৷ পুৱা ৯ বজাত আৰম্ভ হোৱা সমাৰোহখনি আবেলি ২ বজাত সামৰণি পৰে৷
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.