...

জকাই ৫২নং (বি) ৰাষ্ট্ৰীয় ঘাই পথৰ বাবে সমস্যাত কৃষক

জকাই ৫২নং (বি) ৰাষ্ট্ৰীয় ঘাই পথৰ বাবে সমস্যাত কৃষক

 

বৰষুণ পানীত জলমগ্ন জকাইৰ বৃহৎ সংখ্যক খেতি পথাৰ
নলা ব্যৱস্থাৰে পানী নিষ্কাষণৰ দাবী কৃষক ৰাইজৰ।

চাইন অন ডেস্ক,১৮মে’:

ডিব্ৰুগড় জিলাৰ নৱগঠিত খোৱাং সমষ্টিৰ অন্তৰ্গত অঞ্চলৰ মাজেদি যোৱা জকাইৰ ৫২ নং (বি) ৰাষ্ট্ৰীয় ঘাই পথ নিৰ্মাণৰ পিছৰে পৰা বৰষুণৰ আবদ্ধ পানীয়ে বৃহত্তৰ জকাই অঞ্চলৰ জকাই বৰবিল , কোঁৱৰ গাওঁ , হাৰকপথাৰ , পানীতোলা ,কলিয়নী , চেঁচা ,খামটি গাওঁ আদি কেবাখনো গাঁৱৰ খেতিপথাৰ বাৰিষা কাল আহিলেই জলমগ্ন হৈ সাগৰ সদৃশ হৈ পৰে। উল্লেখযোগ্য যে জকাইৰ ৫২নং (বি) ৰাষ্ট্ৰীয় পথটো নিৰ্মাণৰ আগতে বৰষুণৰ পানী সমতল ভাৱে বৈ গৈছিল।ফলত খেতিপথাৰত বেছিকৈ পানী জমা হোৱা নাছিল । কিন্তু ৫২ নং (বি) পথটো নিৰ্মাণৰ পিছত , উক্ত ৫২নং পথৰ দুয়ো কাষৰ পৰা বৰষুণৰ পানী ওলাই যাব পৰা ব্যৱস্থা নথকাৰ কাৰণে খেতি পথাৰৰ দ ঠাইলৈ বৈ যোৱা বৰষুণৰ পানী জমা হৈ জলমগ্ন হোৱাৰ পৰিপ্ৰেক্ষিতত খেতিপথাৰত আগতীয়াকৈ হাল চহোৱাৰ ক্ষেত্ৰত কৃষক সকল ভীষণ সমস্যাৰ সম্মুখীন হৈ আহিছে বুলি জানিবলৈ দিছে। বিশেষকৈ জকাই ৫২নং বি ৰাষ্ট্ৰীয় পথটো নিৰ্মাণৰ পূৰ্বে পথৰ বাবে আবদ্ধ পানী নিষ্কাষণ কৰি বোৱাই জকাই খেতিপথাৰ জলমগ্ন সমস্যাৰ সমাধান কৰিব পৰা যথেষ্ট স্থল আছিল যদিও এইক্ষেত্ৰত কোনো বিজ্ঞানসন্মত পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল। উল্লেখ্যনীয় বিষয়টো হ’ল জকাই ৫২নং বি ৰাষ্ট্ৰীয় পথৰ দুয়ো দাঁতিত পানী বৈ যোৱাৰ ব্যৱস্থা নথকাৰ বাবে বৰষুণৰ ফলত জমা হোৱা পানীয়ে জকাই অঞ্চলৰ বৰবিল কোঁৱৰ গাওঁ, হাৰকপথাৰ, পানীতোলা, কলিয়নী, চেঁচা আদি গাঁৱৰ খেতিপথাৰ বুৰি থকাৰ পৰিপ্ৰেক্ষিতত কৃষিকাৰ্য কৰিবলৈ সমস্যাৰ সম্মুখীন হৈ আহিছে। ইফালে জকাই ৫২ন্ং বি ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত একাশ লোকে গৃহ নিৰ্মাণ কৰাৰ পিছত ঘৰলৈ যোৱা পথটোৰ সংযোগস্থলৰ ৫২নং বি পথৰ দাঁতিত কালভাৰ্ট স্থাপন নকৰি , সম্পূৰ্ণ আবদ্ধ কৰি দিয়াৰ ফলত বৰষুণত জমা হোৱা পানী উভতি অহা-যোৱা কৰা পানীয়ে উল্লেখিত বৰবিল জকাই কোঁৱৰ, হাৰক পানীতোলা, কলিয়নী, চেঁচা আদি গাঁৱৰ খেতিপথাৰ সাগৰ সদৃশ হৈ বুৰি থকাৰ বাবে ধান খেতিৰ সময়ত মাটিত কঠিয়া ৰোপণ কৰিবলৈ খেতিয়ক সকলে সমস্যাৰ উদ্ভৱ হৈছে। দীৰ্ঘ দিন ধৰি জকাই ৫২ং বি ৰাষ্ট্ৰীয় পথ নিৰ্মাণৰ পিছত বাৰিষা আগমন লগে লগে এপ্ৰিল ,মে আৰু জুন মাহত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত জকাই ৫২নং বি পথৰ কাষৰ সমীপৱৰ্তী গাঁৱৰ খেতিপথাৰ জলমগ্ন হৈ আহিছে বুলি স্থানীয় ৰাইজে প্ৰকাশ কৰিছে। বিশেষকৈ জকাই ৫২ নং বি ৰাষ্ট্ৰীয় ঘাইপথ সমীপৱৰ্তী খেতিপথাৰত জমা হোৱা পানীখিনি চেঁচা নদীলৈ সংযোগ কৰি পথৰ দুয়ো দাঁতিত উপযুক্ত নলাৰ ব্যৱস্থা নথকা আৰু উক্ত ৫২নং পথৰ কাষত নতুনকৈ নিৰ্মাণ কৰা ঘৰ সমূহলৈ বনোৱা ৰাস্তা পথৰ তলেদি পানী যাব পৰাকৈ কালভাৰ্টৰ ব্যৱস্থা অবিহনে সম্পূৰ্ণ আবদ্ধ কৰি বনোৱাৰ ফলত বৰষুণৰ পানীয়ে পথাৰলৈ উভতি যোৱাৰ পৰিপ্ৰেক্ষিতত খেতিপথাৰ জলমগ্ন হৈ সাগৰ সদৃশ হোৱাৰ বাবেই খেতিৰ সময়ত স্থানীয় কৃষক সকলে সমস্যাৰ সম্মুখীন হ’ব লগীয়া হৈছে। বিগত সময়ৰ উপৰিও যোৱা নিশা দিয়া ধাৰাষাৰ বৰষুণৰ ফলত বৰ্তমান জকাই হাৰক পথাৰ , কোঁৱৰ গাওঁ,কলিয়নী , চেঁচা,মহমাৰী , খামটি গাওঁকে কেবাখনো গাঁৱৰ খেতিপথাৰ সাগৰ সদৃশ হৈ জলমগ্ন হোৱাত বৰ্তমান খেতিয়ক সকলে আগন্তুক ধান খেতিৰ বাবে হাল চহোৱা ,কঠিয়া সিঁচিবলৈ বিবুধিত পৰা পৰিলক্ষিত হৈছে।কাৰণ অধিক বৰষুণৰ পিছত আনকি খেতিপথাৰ জলমগ্ন পানী বৃদ্ধি হৈ ওখ মাটিলৈ বৈ যোৱাৰ ফলত স্থানীয় গাওঁ সমূহৰ ৰাইজে অসুবিধাত পৰিছে বুলি জানিবলৈ দিছে।সেয়ে জকাই ৫২নং বি ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োফালে থকা খেতিপথাৰ বৰষুণৰ জলমগ্ন অধিক পানী নিষ্কাষণ কৰি বোৱাই নিব পৰাকৈ এখন সু-সংহত আঁচনিৰ ব্যৱস্থাপনাৰ বাবে পদক্ষেপ গ্ৰহণ কৰাটো অসম চৰকাৰৰ বিভাগীয় কতৃপক্ষৰ দায়িত্ব হৈ পৰিছে । স্থানীয় ৰাইজে জকাই ৫২নং পথৰ দুয়ো দাঁতিয়েদি বৰষুণৰ পানী নিষ্কাষণ ব্যৱস্থাপনাৰে বোবাই চেঁচা নদীলৈ সংযোগী ব্যৱস্থাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী, ডিব্ৰুগড় জিলাৰ আয়ুক্তৰ প্ৰতি দাবী জনাইছে

Leave a Reply

Your email address will not be published. Required fields are marked *