...

বীনা কোঁৱৰৰ স্বামী বসন্ত ওৰফে মুন দিহিঙীয়াই পত্নীক ডিঙি চেপি হত্যা

Spread the love

ঘৰৰ সন্মুখতে থকা ডিমৌ নদীত পেলাই দিয়া বুলি আৰক্ষীৰ আগত চিকাৰোক্তি

চাইন অন ডেক্সঃ
আজিও ডিমৌত চাঞ্চল্যৰ মাৰ যোৱা নাই । যোৱা ১৪ মাৰ্চৰ পৰা সন্ধানহীন বীনা কোঁৱৰৰ সন্ধান বিচাৰি আজি পোৱাই ডিমৌ নদীত SDRF ৰ অভিযান।

বুধবাৰে ছয় খনকৈ গাঁৱৰ শ শ মহিলাই বীনা কোঁৱৰৰ সন্ধান বিচাৰি ডিমৌ আৰক্ষী থানাৰ লগতে পাঁচ ঘণ্টা ধৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল।

এক সূত্ৰে জানিব পৰা মতে, ইতিমধ্যে অভিযুক্ত বীনা কোঁৱৰৰ স্বামী বসন্ত ওৰফে মুন দিহিঙীয়াই পত্নীক ডিঙি চেপি হত্যা কৰি ঘৰৰ সন্মুখতে থকা ডিমৌ নদীত পেলাই দিয়া বুলি আৰক্ষীৰ আগত চিকাৰোক্তি দিয়াৰ ভিত্তিত আজি আৰক্ষী আৰু SDRF ৰ বৃহৎ দলে ডিমৌ নদীত বীনা কোঁৱৰৰ সন্ধানত আজি পুৱাই অভিযান আৰম্ভ কৰিছে।

উলেক্ষ্য যে, ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত ভেকেলাই বসন্ত দিহিঙীয়াৰ পত্নী তথা দুই সন্তানৰ মাতৃ বীনা কোঁৱৰ বিগত ১৪ মাৰ্চৰ পৰা সন্ধানহীন হৈ আছে। পৰিয়াল তথা স্থানীয় ৰাইজৰ অভিযোগ দীৰ্ঘদিন ধৰি স্বামী বসন্ত ওৰফে মুন দিহিঙীয়াই শাৰীৰিক আৰু মানসিক ভাবে অকথ্য নিৰ্যাতন চলাই গৈছিল পত্নী বীনা কোঁৱৰক। জানিব পৰা মতে, নিৰুদ্দেশ হোৱাৰ দিনাও স্বামী বসন্ত ওৰফে মুন দিহিঙীয়াই অকথ্য নিৰ্যাতন চলাই গৈছিল পত্নী বীনাক।

Leave a Reply

Your email address will not be published. Required fields are marked *