...

বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰে জিলিকিল মাৰ্ঘেৰিটা

বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰে জিলিকিল মাৰ্ঘেৰিটা

 

তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বহাগী উৎসৱৰ শুভাৰম্ভ

 

মাৰ্ঘেৰিটা,১৪মে:

সম্প্ৰীতি আৰু ৰঙালীৰ উছাহেৰে কালিৰে পৰা উখল-মাখল হৈ পৰিছে কয়লা নগৰী মাৰ্ঘেৰিটা। উজনি অসমৰ অন্যতম আকৰ্ষণ হিচাপে পৰিগণিত হোৱা মাৰ্ঘেৰিটা ব্যৱসায়ী সন্থাৰ উদ্যোগত আয়োজিত ‘বহাগী উৎসৱ’ৰ মাৰ্ঘেৰিটা টাউন হাইস্কুল খেলপথাৰত বৰ্ণাঢ্য শুভাৰম্ভ ঘটে। পৰম্পৰা ৰক্ষা কৰি এইবাৰো তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে এই উৎসৱৰ আয়োজন কৰা হৈছে। কালি পুৱা বহাগী উৎসৱৰ লগত সংগতি ৰাখি বিহুৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি সীমান্ত মাধৱ কটকীয়ে। ইয়াৰ পাছতে শ্বহীদ তৰ্পণ কাৰ্যসূচী মুকলি কৰে উদযাপন সমিতিৰ মুখ্য উপদেষ্টা নৰেশ্বৰ হাজৰিকাই। ইফালে, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আয়োজিত বিশেষ অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে ৰঞ্জিত কোঁৱৰে। বহাগী উৎসৱৰ লগত সংগতি ৰাখি অঞ্চলটোৰ প্ৰয়াত লোকসকলৰ স্মৃতিত পৰিয়ালবৰ্গৰ উপস্থিতিত এক আৱেগিক স্মৃতি তৰ্পণ কাৰ্যসূচীও ৰূপায়িত হয়।সাংস্কৃতিক শোভাযাত্ৰাত সাতামপুৰুষীয়া ঐক্যৰ প্ৰতিফলন:আজিৰ দিনটোৰ অন্যতম আকৰ্ষণ আছিল বিশাল সাংস্কৃতিক শোভাযাত্ৰা। এই বৰ্ণিল শোভাযাত্ৰাৰ আনুষ্ঠানিক উদ্বোধন কৰে মাৰ্ঘেৰিটা সমজিলাৰ আয়ুক্ত ৰাহুল দলেই। উৎসৱ স্থলীৰ পৰা আৰম্ভ হোৱা এই শোভাযাত্ৰাই মাৰ্ঘেৰিটা নগৰৰ আকাশ-বতাহ বিহুৰ সুৰ আৰু ঢোলৰ মাতেৰে মুখৰিত কৰি তোলে। সমজিলাখনত বসবাস কৰা ৰাভা, মিছিং, টাইফাকে, সোণোৱাল কছাৰী, টাই আহোম, ভোজপুৰী, বেংগলী, গোৰ্খা আৰু আদিবাসীসহ বিভিন্ন জাতি-জনগোষ্ঠীৰ দুকুৰিৰো অধিক সাংস্কৃতিক দলে নিজ নিজ পৰম্পৰাগত সাজ-পাৰ আৰু নৃত্য-গীতেৰে শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। বিভিন্ন শিক্ষানুষ্ঠান আৰু ধৰ্মীয় অনুষ্ঠানৰ সহযোগত উলিওৱা এই শোভাযাত্ৰাই বৃহত্তৰ অঞ্চলটোৰ সমন্বয়ৰ এক সুন্দৰ ছবি প্ৰতিফলিত কৰে। বিয়লিৰ পৰা বিভিন্ন পৰ্যায়ৰ সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ বিপৰীতে কাইলৈ অৰ্থাৎ উৎসৱৰ দ্বিতীয় দিনা সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হিচাপে উপস্থিত থাকিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ভৃগু কাশ্যপ আৰু তৰালী শৰ্মা আৰু তৃতীয় দিনাৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব ২০২৩ বৰ্ষৰ সা-ৰে-গা-মা-পা লিটল চেম্পিয়ন জেটশেন দহ’না লামা, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ গীতৰ শৰাই আৰু মেজাংকৰি মেঘমল্লাৰ সাংস্কৃতিক অনুষ্ঠান। ক’লা-সংস্কৃতিৰ চৰ্চা আৰু জাতি-জনগোষ্ঠীৰ মিলনভূমিত পৰিণত হোৱা এই বহাগী উৎসৱে অনাগত দিন কেইটাতো অঞ্চলটোৰ ৰাইজক একত্ৰিত কৰি ৰাখিব বুলি উদযাপন সমিতিয়ে আশা প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *