আশাৰ খবৰ কঢ়িয়াই আনিছে ঢকুৱাখনাৰ মুগাপালকে
উৎপাদন বৃদ্ধি বিশ্ববাসীৰ আশ্চৰ্য আৰু কৌতুহলৰ কেন্দ্রবিন্দু মুগাৰ
২০২৪-২৫ বৰ্ষত মুগাৰ পৰা উপাৰ্জন প্ৰায় ৩৫০ কোটি টকা
পুলকজ্যোতি বৰা,ঢকুৱাখনা,১৪ মে’:

মুগা উদ্যোগ অসমৰ বাবে কেৱল আৰ্থিক স্বাৱলম্বিতা নহয়, বৰঞ্চ সাংস্কৃতিক ঐতিহ্যও।ৰাজ্যৰ প্ৰায় ৪০ হাজাৰ পৰিয়াল জড়িত হৈ আছে মুগা শিল্পৰ সৈতে।মুগা অসম আৰু অসমীয়াৰ বাবে এক উদ্যোগ বা জীৱিকাৰ উৎসই নহয় ই অসমৰ সমাজ আৰু সাংস্কৃতিক জীৱনতো যথেষ্ট বৰঙনি আগবঢ়াই আহিছে।বৰ্তমান আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত মুগা শিল্পই বিশেষ সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে।লগতে মুগাৰ পৰা উৎপাদিত সোণালী সুতাৰে প্ৰস্তুত কৰা কাপোৰ কেৱল দেশৰ বজাৰতে নহয় বিদেশতো বজাৰ দখল কৰিবলৈ সক্ষম হৈছে।অসমৰ চাহিদা 
ঢকুৱাখনাৰ শ-শ পৰিয়ালে অতীজৰে পৰা মুগা পালনত জড়িত হৈ নিজকে স্বাৱলম্বী কৰি তোলাই নহয় টনকিয়াল কৰিছে আহিছে ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতিৰ ভেটি।
ঢকুৱাখনাৰ প্ৰায় ১৫ হাজাৰ লোক জড়িত হৈ আছে মুগা পালনত।ৰাজ্যৰ ভিতৰতে প্ৰায় ৮০ শতাংশ মুগা উৎপাদনেৰে ঢকুৱাখনাই একচেটীয়া স্থান দখল কৰি আহিছে।মুগা উৎপাদন 
ঢকুৱাখনাৰ এইসকল মুগা পালকে
