বটদ্ৰৱা থানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
বটদ্ৰৱা,১৫মে’:
দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণৰ পাছতে আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। পুৱাই জাতীয় সাজ পৰিধান মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা বটদ্ৰৱা থানত উপস্থিত হয়। পোনেপোনে তেওঁ থানৰ কীৰ্তনঘৰত সেৱা লয়। কীৰ্ত্তনঘৰৰ ভকত বৈষ্ণৱে আশীৰ্বাদ প্ৰদান কৰে। পাছত বটদ্ৰৱা থানৰ নাটঘৰত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ হৈ সভাপতি অম্লান জ্যোতি দেৱ গোস্বামী, উপসভাপতি 
পাছত তেওঁ বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্যালয়ত সমিতিৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক লাচিত বৰদলৈয়ে বটদ্ৰৱা থান সংযোগী শলগুৰি সত্ৰ আৰু নৰোৱা সত্র সংযোগী পথছোৱা যথেষ্ট ঠেক হোৱাৰ পৰিপ্ৰেক্ষিতত যানজঁটৰ সৃষ্টি হোৱাৰ বিষয়, বটদ্ৰৱা থান চৌহদত খোৱা পানীৰ সমস্যা, পানী নিস্কাশনৰ ব্যবস্থা, দৌল মন্দিৰ আৰু সতীৰাধিকা স্মৃতি ক্ষেত্ৰৰ উন্নয়ন আদি সমস্যাসমূহৰ সমাধান আৰু উন্নয়নৰ বাবে আহ্বান জনায়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সকলো সমস্যা সমাধান আৰু উন্নয়নৰ বাবে কাম আৰম্ভ কৰা হব বুলি প্ৰকাশ কৰে।
