...

ডিব্ৰুগড়ত‌ অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সজাগতা সভা

ডিব্ৰুগড়ত‌ অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সজাগতা সভা

চাইন অন ডেস্ক,১৪মে’:

পদ্মশ্ৰী বিৰুবালা ৰাভাৰ মৃত্যু তিথিৰ লগত সংগতি ৰাখি কালি ডিব্ৰুগড় জিলাৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ জিলা মহিলা সৱলীকৰণ কেন্দ্ৰৰ উদ্যোগত তথা খোৱাং সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া কাৰ্যালয়, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান (পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ) আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত খোৱাং খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ ওপৰত এখন সজাগতা সভা অনুষ্ঠিত হৈ যায়। জিলা সমাজ কল্যাণ বিষয়াই সঞ্চালন কৰা এই সভাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে জিলা ন্যায়িক সেৱা প্ৰাধিকৰণৰ চেক্ৰেটাৰী অভিজিৎ শইকীয়া , খোৱাং সমজিলাৰ সমজিলা আৰক্ষী অধীক্ষক অমূত ৰঞ্জন বৰ্মন, খোৱাং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুশান্ত বৰুৱা, সহকাৰী খণ্ড উন্নয়ন বিষয়া পৰিশা তাঁতী আৰু খোৱাং সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া চনিতা বৰা। ইয়াৰ উপৰিও মহিলা সৱলীকৰণ কেন্দ্ৰৰ তত্ত্বাৱধানত তথা সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ সহযোগত জিলা খনৰ সকলো কেইটা প্ৰকল্পতে এই সজাগতা সভা অনুষ্ঠিত কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *