জনপ্ৰিয় কবি জোনমণি দাসৰ বিয়োগ বিভিন্ন অনুষ্ঠানৰ শোক প্ৰকাশ
চাইন অন ডেস্ক,১২মে’:
জনপ্ৰিয় কবি জোনমণি দাস গুৰুতৰভাৱে অসুস্থ হৈ আজি পৰলোকগমন ঘটে। শিৱসাগৰৰ থানাপট্টিৰ নিবাসী “প্ৰান্তিক”ত কৰ্মৰত জোনমণি দাস গুৱাহাটীত থকা অৱস্থাতে অসুস্থ হৈ পৰাত তেওঁ শিৱসাগৰলৈ আহি এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হয়। বৃক্ক আৰু যকৃতৰ জটিল ৰোগত আক্ৰান্ত কবিগৰাকীক পাছত চিকিৎসকে উন্নত চিকিৎসাৰ প্ৰয়োজন অনুভৱ কৰাত ডিব্ৰুগড়লৈ নিয়া হয় যদিও আজি দেহাৱসান ঘটে। উল্লেখ্য যে, জোনমণি দাসে প্ৰথম অৱস্থাত চুফী বেকাৰীত গাণনিক হিচাপে কাম কৰাৰ পাছতে গুৱাহাটীৰ পাঞ্চজন্য প্ৰকাশন
গোষ্ঠীত যোগদান কৰে। পৰৱৰ্তী সময়ত তেওঁ জনপ্ৰিয় আলোচনী “প্ৰান্তিক”ৰ পৰিয়ালৰ সম্পাদনাৰ লগত জড়িত হয়। স্বপ্নবাক বৰষুণ, জলস্তম্ভ, মৈথুনৰত মাছ, উৰণীয়া ছাঁ, সমকামী সূৰ্য আদি কাব্যগ্ৰন্থৰ স্ৰষ্টা কবিগৰাকীৰ দেহাৱসানত শিৱসাগৰ জিলা কবি সন্মিলন, শিৱসাগৰ কবি চক্ৰৰ লগতে বিভিন্ন অনুষ্ঠানে শোক প্ৰকাশ কৰিছে। তেওঁৰ নশ্বৰ দেহ বাসগৃহ আহি পোৱাৰ পাছত বাসগৃহত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত বিশিষ্ট কবি পুঞ্জন বৰুৱা, হৰেন গগৈ, বিজয় ৰবি দাস, ৰাজীৱ বৰাকে ধৰি বহুজনে অংশগ্ৰহণ কৰে।
Like this:
Like Loading...