ঢকুৱাখনাৰ জন্ম স্থানত হোমেন বৰগোহাঞিৰ পঞ্চম মৃত্যু বাৰ্ষিকী পালন
হোমেন বৰগোহাঞি ন্যাস আৰু প্ৰেছ গীল্ডৰ উদ্যোগত প্ৰেৰণাৰ এপষেক আৰম্ভ
ঢকুৱাখনা,১২ মে’:
বৰেণ্য সাহিত্যিক, বিশিষ্ট সাংবাদিক তথা চিন্তাবিদ ,অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হোমেন বৰগোহাঞিৰ আজি পঞ্চম মৃত্যু বাৰ্ষিকী ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে তেওঁৰ জন্ম স্থান ঢকুৱাখনাতো পালন কৰা হয়। হোমেন বৰগোহাঞি ন্যাস আৰু প্ৰেছ গীল্ড, ঢকুৱাখনাৰ যৌথ উদ্যোগত আজি কথাশিল্পীগৰাকীয়ে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰা ঢকুৱাখনা চৰকাৰী মজলীয়া বালক( বৰ্তমান উচ্চ মাধ্যমিক) বিদ্যালয়ত পালন কৰা হয়। হোমেন বৰগোহাঞি ন্যাসৰ উদ্যোগত ২০২২ চনৰ পৰা প্ৰয়াত কথাশিল্পী গৰাকীৰ মৃত্যু তিথি অৰ্থাৎ ১২ মে’ৰ পৰা ‘প্ৰেৰণাৰ এপষেক ‘ নামেৰে এলানি অনুষ্ঠান ৰূপায়ন কৰি অহা হৈছে। এইবাৰৰ পষেকটোৰ প্ৰথম দিনটো বিদ্যালয়খনৰ মুকলি প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। হোমেন বৰগোহাঞি ন্যাসৰ সাহিত্য সম্পাদক হেমন্ত কুমাৰ বৰুৱাই আঁতধৰা অনুষ্ঠানটোত আদৰণী বক্তব্য ৰাখে প্ৰেছ গীল্ড,ঢকুৱাখনাৰ সভাপতি তোলন চন্দ্ৰ দত্তই । আদৰণী বক্তব্যত দত্তই হোমেন বৰগোহাঞিৰ সাংবাদিক জীৱনৰ ওপৰত এক চমু অৱলোকন আগবঢ়ায়। ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক -কৰ্মচাৰীসকলৰ লগত বক্তৃতা আৰু আলোচনা মাধ্যমৰ জৰিয়তে বৰগোহাঞি জীৱন, সৃষ্টি,কৰ্ম আৰু আদৰ্শৰ বিষয়ে নৱ প্ৰজন্মক অৱগত কৰোৱাৰ লক্ষ্যৰে অনুষ্ঠিত কৰা আজিৰ অনুষ্ঠানত প্ৰথমে হোমেন বৰগোহাঞিৰ ল’ৰালি কাল আৰু ছাত্ৰ জীৱনৰ বিষয়ে বক্তব্য ৰাখে ন্যাসৰ অধ্যক্ষ তথা
ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডিম্বেশ্বৰ গগৈয়ে। বক্তব্যত তেওঁ হোমেন বৰগোহাঞিয়ে জন্মগ্ৰহণ কৰা ঘৰ ল’ৰালিতে খেলা-ধুলা পথাৰ,নৈ আৰু লগৰীয়াৰ লগতে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰা দিনৰ বিদ্যালয় খনৰ আন্তঃগাঁথনি আৰু পৰিৱেশ আদিৰ বিষয়ে ছাত্ৰ -ছাত্ৰী সকলৰ আগত এক প্ৰতিচ্ছবি দাঙি ধৰি কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলাৰ আহ্বান জনায়। একেদৰে আন এজন বক্তা ন্যাসৰ সমন্বয়ক দুলেন চমুৱাই হোমেন বৰগোহাঞিয়ে লিখা ছাত্ৰ-ছাত্ৰীৰ বাবে উপকাৰী কিতাপৰ নাম উল্লেখ কৰি তেওঁৰ কথা আৰু কামৰ মাজত থকা সম্পৰ্কৰ বিষয়ে উল্লেখ কৰে। তেওঁ ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ৰ পুথিভঁৰালত থকা কিতাপ হোমেন বৰগোহাঞিয়ে কি দৰে পঢ়িছিল তাৰো উল্লেখ কৰে।সভাখনত উপস্থিত থাকি ঢকুৱাখনা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কল্পনা গগৈয়েও ছাত্ৰ-ছাত্ৰী সকলক প্ৰচুৰ অধ্যয়ন কৰিবলৈ আহ্বান জনাই কয় যে জ্ঞান অৰ্জনৰ বাবে গ্ৰন্থ অধ্যয়নৰ বিকল্প নাই। সভাখনত বিদ্যালয়খনৰ প্ৰধান শিক্ষক বিশ্ব নাৰায়ণ বৰগোহাঞিৰ লগতে শিক্ষক জীৱন গগৈ আৰু দিপাংকৰ কোঁৱৰেও বক্তব্য ৰাখে। অনুষ্ঠানত হেমন্ত কুমাৰ বৰুৱায়ো হোমেন বৰগোহাঞিয়ে অসমৰ সংবাদ, সাহিত্য, শৈক্ষিক আৰু ৰাজনৈতিক জীৱনলৈ ৫ টা দশকৰো অধিককাল আগবঢ়োৱা অৱদানৰ বিষয়ে উল্লেখ কৰে। আজিৰ অনুষ্ঠানটোত দুই শতাধিক ছাত্ৰ-ছাত্ৰী, বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী , কৰ্মচাৰী আৰু বহুসংখ্যক অভিভাৱক উপস্থিত থাকে। উল্লেখ্য যে প্ৰেৰণাৰ এপষেক নামৰ এই অনুষ্ঠানটোত ১৫ টা দিনত ঢকুৱাখনা সম-জিলাৰ ১৫ খন শিক্ষানুষ্ঠানত অনুষ্ঠিত কৰা হ’ব আৰু কাইলৈ দ্বিতীয় দিনা পি এম শ্ৰী গোবিন্দপুৰ মজলীয়া বিদ্যালয়ত অনুষ্ঠানটো সম্পন্ন হ’ব বুলি ন্যাসৰ তৰফৰ পৰা জনাইছে।
Like this:
Like Loading...