মে নাং ৰাই মৌং ভুন চুন খাম’ৰ প্রতিষ্ঠা দিৱস
চাইন অন ডেস্ক,১১মে’:
মে নাং ৰাই মৌং ডুন চুন খাম, অসমৰ ষষ্ঠ ত্রি-বার্ষিক প্রথম কেন্দ্রীয় অধিবেশনখনি ৮,৯ আৰু ১০ মে ২০২৬ তাৰিখে ধেমাজি জিলাৰ কোলাপথাৰৰ চাও চেং ৰৌণত বার্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। অসমৰ আহোম মহিলা সংগঠনৰ বহু কেইখন জিলা সমিতিৰ লগতে প্রায় চল্লিশ খন শাখা সমিতিৰ সহযোগত অনুষ্ঠিত অধিৱেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা সমজোৱা ভাৱে চাফাই অভিযান কৰাৰ লগতে জাচিংফা খেক ফী অনুষ্ঠিত হৈ যায়। ৯ মে পুৱা ৮ বজাত চাও চেং ৰৌণত বস্তি প্রজ্বলন কৰে মান নাং কমলা চাংমাই আৰু মিনা ফুকনে। ৮.৩০ বজাত বিন খ্রীংফা উত্তোলন কৰে সভানেত্রী নাং শেৱালী গগৈয়ে। পুৱা ৯.০০ বজাত আদৰণি সমিতিৰ সভানেত্রী পুস্পলতা গোহাঁই বাইলুঙে মৈদাম তর্পণ কৰে। মৈদাম তৰ্পনৰ অন্তত, অসমৰ প্ৰাণৰ শিল্পী, হার্টথব জুবিন গাৰ্গ আৰু গণ শিল্পী ৰাজীৱ শদিয়াৰ সোৱঁৰণত শিল্পীদ্বয়ৰ প্ৰতিচ্ছবিত একোগছিকৈ বস্তি প্রজ্বলন কৰে ৰামেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়,
বৰবৰুৱাৰ প্ৰাক্তন অধ্যক্ষা মাইনু গগৈ আৰু কেন্দ্রীয় সমিতিৰ সম্পাদিকা বিন্দা কোঁৱৰ গগৈয়ে। ইয়াৰ পাছতে মে নাং ৰাইৰ মাংগলিক অনুষ্ঠান খ্যেক ফী’ৰ পূজা-অৰ্চনাৰ অন্তত বিয়লি ৫.০০ বজাৰপৰা কাৰ্য্যকৰী সমিতিৰ বৈঠক অনুষ্ঠিত হয়। নিশা ৮.০০ বজাত প্রতিনিধি সভা অনুষ্ঠিত হয়। প্রতিনিধি সভাত বহু কেইটা বিষয়ৰ লগতে সংবিধান সংশোধনৰ বাবে প্ৰস্তাৱ গ্রহণ কৰা হয়। অন্তিম দিনা ১০ মে ২০২৬ তাৰিখে বিয়লি ১.০০ বজাত মুকলি সভাখনি অনুষ্ঠিত হয়। মুকলি সভাখনিত সমিতিৰ সভানেত্রী নাং শেৱালী গগৈয়ে সভানেত্ৰীৰ আসন গ্রহণ কৰাৰ অন্তত নির্দিষ্ট বক্তা আৰু বিশিষ্ট অতিথি সকলক মঞ্চলৈ আদৰণি জনাই একোখনকৈ ফা-চিত আৰু ফাৰুৰে সম্বন্ধনা জ্ঞাপন কৰে আয়োজক সমিতিৰ তৰফৰ পৰা। আদৰণিৰ অন্তত আইচিং লাও পৰিৱেশন কৰে স্থানীয় মলুং নৱ বৰুৱাৰ সৈতে সহযোগীসকলে। সভাৰ উদেশ্য ব্যখ্যা আগবঢ়ায় নাং পুস্পলতা গোঁহাই বাইলুঙে। আদৰণি ভাষণ প্রদান কৰে নাং বিন্দা কোঁৱৰ গগৈয়ে। উদেশ্য বাখ্যাৰ আতধৰি নির্দিষ্ট বক্তা তথা ধেমাজি বালিকা কণিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ মান চাও চক্ৰৱৰ্তী বৰগোঁহাইয়ে আহোমৰ ছশ বছৰৰ ৰাজত্বৰ সোণোৱালী দিনৰ ঐতিহ্য, পৰম্পৰা আৰু লোকগাঁথাৰ ওপৰত তত্ব গধুৰ বক্তব্য প্রদান
কৰে। ইয়াৰ পাচতে মে নাং ৰাইৰ গীত পৰিৱেশন কৰে নাং বস্তি লাহনে। বিহু সুৰক্ষা সমিতিৰ অসমৰ প্ৰতিষ্ঠাপক সম্পাদক মান চাও পবিত্র মহন ফুকনে নির্দিষ্ট বক্তাৰ আসনৰ পৰা মে নাং ৰাইৰ অৰ্থাৎ বীৰাংগনা মাতৃ সকলে স্বকীয় জাতিৰ ভাষা-সংস্কৃতি সুৰক্ষা কৰি জাতীয় উৎপাদনী অর্থনীতিৰ ভেটি সুদৃঢ় কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। লগতে বীৰাংগনা মাতৃ সকলেহে “চুলে চুৱা নহয়, খালে জাত নাযায়” এই ভাই আহোমৰ দৰ্শনৰ ভেটি সুদৃঢ় কৰাৰ লগতে ত্তাই আহোম সকলৰ সাংস্কৃতিক আদর্শ প্রতিষ্ঠা কৰিব পাৰি বুলি কয়। ভাষণ প্রসংগত মান চাও ফুকনে চ্যুকাফাই অসম
মুলুকলৈ ধর্ম প্ৰচাৰ কৰিবলৈ অহা নাছিল বুলি ব্যক্ত কৰাৰ লগতে ত্তাই পৰম্পৰাত ধৰ্ম নাছিল আৰু আজিকোপিত নাই। আছে মাথো সাংস্কৃতিক পৰম্পৰা। চ্যুকাফা আৰু টাই মানুহ বিলাক আছিল খেতিয়ক মানুহ। য’তেই খেতিৰ সুচল ঠাই পাব তাতেই থাকিব বুলিও সভাত ব্যক্ত কৰে।পাম খাবলৈ অহা চ্যুকাফাই তী পামত প্রথম উপস্থিত হৈছিল। সেয়ে সেই ঠাইৰ নাম হৈছিল তিপাম। তি, মানে ঠাই আৰু পাম মানে খেতি বুলি সভাত ব্যক্ত কৰে আৰু গৌৰৱ উজ্জল আহোমৰ ইতিহাস, সমন্বয় আৰু ভাতৃত্ববোধৰ ওপৰত আলোকপাত কৰে। সভাত উপস্থিত থাকে জীৱনৰ ৯৮ টা বসন্ত অতিক্ৰম কৰা মে নাং ৰাইৰ প্ৰতিষ্ঠাপক সভানেত্রী মান নাং হেমলতা বুঢ়াগোঁহাই, প্রাক্তন সভানেত্রী মান নাং স্বর্ণ দুৱৰা কোঁৱৰ, প্ৰাক্তন সম্পাদিকা নিজু কোঁৱৰ, পয় ফুৰালুংৰ প্ৰাক্তন সম্পাদক প্রধান মান চাও জয়ন্ত দিহিঙীয়া, কর্মশ্রী হিতশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা মান নাং শিখামণি কোঁৱৰ, পয় ফুৰা লুঙৰ নৱ নির্বাচিত সম্পাদক প্রধান মান চও ৰঞ্জিত কোঁৱৰ, অভিযন্তা মণিকা নেওগ, মলুং মান নাং প্রিয়লতা নাহৰ ডেকা ভাধৰা, সুমিত্রা চিৰিং, মুলুং মান চাও তৰুণ ভাধৰা, মান চাও বিপুল গগৈ, মান চাও লক্ষেশ্বৰ কোঁৱৰ, মান চাও বিদ্যুৎ কুমাৰ গগৈ, মান চাও শিৱ বুঢ়াগোহাই (ধলপুৰ), শিক্ষক ৰিনা বুঢ়াগোহাই কোঁৱৰ, অৱসৰপ্ৰাপ্ত শিক্ষক শৰৎ ফুকনসহ অসমৰ বহু গণ্য মান্য ব্যক্তি উক্ত সভাত উপস্থিত থাকে।