দিগন্ত তামুলীক টাই আহোম যুৱ পৰিষদ অসমৰ প্রার্থমিক সদস্যৰ পৰা বহিষ্কাৰ
টাই আহোম মহিলা পৰিষদৰ শপত গ্ৰহণ
চাইন অন ডেস্ক,১১মে’:
ডিব্ৰুগড়ৰ চুকাফা ভৱনত কালি অনুষ্ঠিত টাই আহোম যুৱ পৰিষদ, অসম (টাইপা)ৰ কেন্দ্রীয় কাৰ্য্যনিৰ্বাহক সভাত যোৱা ২৫ এপ্রিলত টাইপাৰ গুৱাহাটীস্থ উপমুখ্য কাৰ্য্যালয়ত টাইপাৰ কৰ্ণধাৰ সমিতিয়ে লোৱা সিদ্ধান্ত অনুসৰি এটা বিশেষ 

আহ্বান জনাই। আনহাতে ডিব্ৰুগড় বৰবৰুৱাস্থিত চুকাফা ভৱনতে টাইপাৰ ভগ্নী সংগঠন টাই আহোম মহিলা পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ শপত গ্ৰহণ হয়। উল্লেখযোগ্য যে বিগত ২০২৫ৰ ১৬ জুলাইণ লক্ষীমপুৰত সমিতি খন গঠন কৰা হৈছিল। সম্পাদিকা নয়নমণি বুঢ়াগোহাঁই আৰু সভাপতি লাবণ্য মহন আৰু মুখ্য উপদেষ্টা বালিকা লাহন সহ অন্যান্য সকলে উপস্থিত থাকি শপত গ্ৰহণ কৰাৰ লগতে আগন্তুক কাৰ্যপন্থা সম্পৰ্কে আলোচনা। অনুষ্ঠানত মুখ্য উপদেষ্টা দিলীপ গগৈ, উপদেষ্টা পৱন সন্দিকৈ,ননী কুমাৰ গগৈ, ভাৰপ্ৰাপ্ত সভাপতি ভীগু হাতীমূৰীয়া, মুখপাত্ৰ মানস প্ৰতীম গগৈ, সাংগঠনিক সম্পাদক ৰাণা সন্দিকৈ সহ কেইবাখনো জিলাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে। সভাত আগন্তুক প্ৰতিষ্ঠা তিনিচুকীয়াত অনুষ্ঠিত কৰাৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা লগতে ধেমাজি হাবুঙত ৰিক ক্ষণ মুং পুজা অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে।
