মুখ্যমন্ত্ৰী হোৱাৰ বাট মুকলি হ’ল বিজয়ৰ তামিলনাডু, ৮ মে’ঃ
অৱশেষত চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় মেজিক সংখ্যা লাভ কৰিলে থালাপথি বিজয়ে৷ বিজয়ৰ দল টিভিকেৰ এক সূত্ৰৰ জৰিয়তে জানিব পৰামতে, কংগ্ৰেছ আৰু ভিচিকেৰ লগতে দুই বাওঁ দল চিপিআই(এম) আৰু চিপিআইয়েও সমৰ্থন আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। এই চাৰিটা দলৰ সমৰ্থন পালে বিজয়ে সহজেই মেজিক সংখ্যা অতিক্ৰম কৰিবলৈ সক্ষম হ’ব।