সাতামপুৰুষীয়া ঐতিহ্য আৰু পৰম্পৰা সামৰি আৰম্ভ হ’ল ফাটবিহু
উদুলি-মুদুলি ঢকুৱাখনাৰ ম’হঘূলি চাপৰি
পুলকজ্যোতি বৰা,ঢকুৱাখনা,৮ মে’:

উখল-মাখল হৈ পৰিল ঢকুৱাখনাৰ ম’হঘূলি চাপৰি।পৰম্পৰাৰ সকলো উজ্বল্য সামৰি আজিৰে পৰা আৰম্ভ হৈছে ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাটবিহু। শুকুৰবাৰে পুৱাতেই লোকাৰণ্য হৈ পৰিল চাৰিকড়ীয়া নদীৰ সেউজীয়া পাৰ ।ঢোল পেঁপা গগণাৰ মাতত মুখৰিত হৈ পৰিল ম’হঘুলি চাপৰিৰ ফাটবিহুৰ বাকৰি।চাৰিকড়ীয়া নৈৰ পাৰৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশত ম’হঘূলি চাপৰিত আজিৰ পৰা তিনিদিননীয়া বৰ্ণিল কাৰ্যসূচীৰে আৰম্ভ হৈছে ঐতিহাসিক ফাটবিহু।একপ্ৰকাৰ জাতি-জনগোষ্ঠীৰ মিলনস্থলী হৈ পৰিল ম’হঘূলি চাপৰি।কাৰণ, মহঘূলি চাপৰিত বলিছে 


উদ্বোধন কৰে জেষ্ঠ কৃতি বিহুৱা জিতেন দত্তই।কাইলৈ অৰ্থাৎ দ্বিতীয় দিনা পুৱা কপৌফুল আৰু গছপুলি ৰোপণ। ইয়াৰ পিছতে অনুষ্ঠিত হ’ব গামোচা প্রতিযোগিতা।গামোচা প্রতিযোগিতাত উদ্বোধক হিচাপে উপস্থিত থাকিব আদৰ্শ শিপিনী মৌচুমী শইকীয়া মহন্তই।১১.৩০ বজাত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্ত্তি উন্মোচন 
ম’হঘূলি চাপৰিৰ বিনন্দীয়া প্ৰাকৃতিক পৰিৱেশত দেওবাৰলৈকে উদযাপিত হ’ব ঢকুৱাখনাৰ স্বকীয় লোকউৎসৱ ফাটবিহু
অসমৰ সামাজিক আৰু সাংস্কৃতিক জগতত অনন্য স্থান দখল কৰা ফাটবিহুৰ তিনিওটি দিনত প্ৰদৰ্শিত হ’ব বিভিন্ন জাতি জনগোষ্ঠীৰ চহকী কৃষ্টি-সংস্কৃতি।