স্বাধীনতাৰ পিছত ধুবুৰীত প্ৰথম মহিলা বিধায়ক
বেবী বেগমে ৬৮,৬৬১টা ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত
ধুবুৰী,৮মে’:
২০২৬ৰ বিধানসভা নিৰ্বাচনত ধুবুৰী বিধানসভা সমষ্টিত ইতিহাস ৰচনা কৰিলে কংগ্ৰেছ প্ৰাৰ্থী বেবী বেগমে। স্বাধীনতাৰ পিছত ধুবুৰীৰ প্ৰথম মহিলা বিধায়ক হিচাপে নিৰ্বাচিত হৈ এক নতুন অধ্যায়ৰ সূচনা কৰিলে তেওঁ। এইবাৰৰ বিধানসভা নিৰ্বাচনত বেবী বেগমে মুঠ ১,১৮,৩৬২টা ভোট লাভ কৰি ৬৮,৬৬১টা ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰে। আনহাতে তেওঁৰ নিকটতম প্ৰতিদ্বন্দী, ধুবুৰীৰ পূৰ্বৰ বিধায়ক তথা এআইইউডিএফ প্ৰাৰ্থী নজৰুল হ’কে লাভ কৰে মাথো ৪৯,৭০১টা ভোট। উল্লেখ্য যে, সাম্প্ৰতিক পঞ্চায়ত নিৰ্বাচনতো ধুবুৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত মতিৰচৰ জিলা পৰিষদৰ
সদস্যা পদত বিজয়ী হৈছিল তেওঁ। বিশ্লেষকসকলৰ মতে, বেবী বেগমৰ এই বিজয় কেৱল এটা ৰাজনৈতিক জয় নহয়; ই ধুবুৰীৰ নিৰ্বাচনী ৰাজনীতিত সক্ৰিয় ভাবে মহিলাই আগুৱাই অহাৰ এক বাটকটীয়া হৈ পৰাৰে থল আছে। অৱশ্যে, ৰাজনীতিৰ দলীয় গণ্ডিৰ মাজত আবদ্ধ নাথাকি নিজৰ সমষ্টি তথা মূলতঃ সমষ্টিটোৰ মহিলা সকলক আগুৱাই নিয়াৰ বাবে ধুবুৰীৰ প্ৰথম মহিলা বিধায়ক গৰাকীয়ে পদক্ষেপ ল’ব নে নাই সেয়া সময়তে স্পষ্ট হ’ব।
Like this:
Like Loading...