মানৱ অংগৰ অবৈধ বেহাৰ বিৰুদ্ধে অভিযান
মাৰ্ঘেৰিটা- ডিব্ৰুগড়-তিনিচুকীয়া আৰক্ষীৰ জালত চাৰি সৰবৰাহকাৰী
চাইন অন ডেস্ক,৮মে’:
ৰাজ্যত পুনৰ সক্রিয় হৈ উঠিছে মানৱ অংগৰ চোৰাং ব্যৱসায়ী। দৰিদ্ৰতাক সুযোগ হিচাপে লৈ মানুহৰ জীৱনক লৈ হেতালি খেলা এটা ভয়ংকৰ মানৱ অংগ সৰবৰাহকাৰী চক্রক অৱশেষত আটক কৰিছে আৰক্ষীয়ে। ডিব্ৰুগড় আৰু তিনিচুকীয়া আৰক্ষীৰ এক যুটীয়া অভিযানত এই অংগ সৰবৰাহকাৰী চক্ৰটোৰ ৪টা দালালক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন ৪ দালাল ক্রমে-মাৰ্ঘেৰিটাৰ জাকিৰ হুছেইন (৫৩), শংকৰ চেন্তনু (২৮) আৰু ডিব্ৰুগড়ৰ সমীৰ পাল 
আৰক্ষীয়ে তদন্ত প্রক্রিয়া ক্ষিপ্ৰতৰ কৰি তুলিছে। এই বৃহৎ নেটৱৰ্কটোৰ সৈতে ৰাজ্যৰ কোনো নামী-দামী ব্যক্তিগত খণ্ডৰ হাস্পতাল অথবা চিকিৎসক জড়িত আছে নেকি, সেই দিশটোও আৰক্ষীয়ে গভীৰভাৱে পর্যবেক্ষণ কৰিছে। এই ঘটনাই বৰ্তমান সমগ্ৰ মাৰ্ঘেৰিটাৰ লগতে ৰাজ্যজুৰি তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে। দুৰ্ভগীয়া লোকৰ জীৱনক লৈ খেলা কৰা এনে দালাল চক্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে অধিক কঠোৰ পদক্ষেপ গ্রহণ কৰিব বুলি ৰাইজে আশা প্রকাশ কৰিছে।