...

ৰৌ, ভকুৱা মাছ কেজিত মাত্ৰ ৪০ টকা ?

ৰৌ, ভকুৱা মাছ কেজিত মাত্ৰ ৪০ টকা ?

কিয় ? কত ? আপুনিও খাব বিছাৰে নে?

দলগাওঁ,৭মে’:

দৰঙৰ দলগাঁও দৈনিক বজাৰত আজি পানীৰ দৰত মাছ বিক্রি হোৱাত ক্ৰেতাৰ মাজত উখল মাখল পৰিৱেশৰ
সৃষ্টি হয়। মাত্র দহ টকা পোৱাত অর্থাৎ কিলোগ্রাম প্রতি চল্লিশ টকা দৰত ৰৌ, ভকুৱা বিক্রি কৰে
বজাৰ খনৰ মাছ বেপাৰীয়ে । সস্তাত মাছ বিক্রি হৈ
থকাৰ খবৰ পাই গ্রাহক সকলৰ প্রচণ্ড ভিৰ হয় আৰু মাছ ক্রয় কৰিবলৈ হেতা ওপৰা লাগে । সচৰাচৰ কিলো প্রতি তিনিশ – চাৰিশ টকাত বিক্রি হোৱা ৰৌ , ভকুৱা হঠাত অতি কম দামত বিক্রি কৰা সন্দর্ভত বেপাৰীয়ে জানিবলৈ দিয়া মতে কালি তেওঁলোক দুই তিনিওজনে মিলি দহ হাজাৰ টকাৰ মাছ ৰাইজক এক প্ৰকাৰ বিনামুলীয়াকৈ দিবলৈ আনে। মাথো যাতায়ত আৰু খাজনা আদি বাবদ হে পোৱা প্রতি দহ টকাকৈ লোৱা হয়।এই সুবিধা যাতে পুৱাৰ বজাৰৰ সকলো গ্রাহকে পায় তাৰ বাবে এক পোৱাৰ বেছি কাকো দিয়া হোৱা নাই।এনে ব্যতিক্রমি পদক্ষেপ লোৱাৰ আন কোনো কাৰণ নাই কেৱল মনৰ আনন্দৰ বহিঃপ্রকাশ।ই বিধায়ক মজিবৰ ৰহমান পুনৰ জয় লাভ কৰাৰ আনন্দ।নির্বাচনৰ পূর্বে আলোচনা কৰা হৈছিল
যদিহে মজিবৰ জিকে তেন্তে এই বজাৰৰ ৰাইজক দহ টকা পোৱাত মাছ খোৱাব।সেই কথা মতেই এনেদৰে মাছ বিক্রি কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *