ঐতিহ্যৰ ভেঁটি চিকুনাই সাজু হৈ উঠিছে চাৰিকড়ীয়াৰ নদীৰ পাৰ
৮ মে’ৰ পৰা তিনিদিনীয়াকৈ ঢকুৱাখনাৰ ঐতিহাসিক ফাটবিহু
ম’হঘুলি চাপৰিত চলিছে যুদ্ধকালীন প্ৰস্তুতি
পুলকজ্যোতি বৰা,ঢকুৱাখনা:
ঢকুৱাখনাৰ চাৰিকড়ীয়া নদীৰ আছে এক সুকীয়া সাতামপুৰুষীয়া ঐতিহ্য।এই নদীৰ পাৰতেই তাহানিৰে পৰাই ম’হঘুলি চাপৰিত উদযাপন কৰি অহা হৈছে ফাটবিহু।এইবাৰো ঐতিহ্যৰ ভেঁটি চিকুনাই অতাই সাজু হৈ উঠিছে চাৰিকড়ীয়াৰ পাৰ।ঐতিহ্য আৰু পৰম্পৰাৰ বৰ্ণিল সমাহাৰেৰে শুকুৰবাৰ পৰা তিনিদিনীয়াকৈ উদযাপিত হ’ব ঢকুৱাখনাৰ ঐতিহাসিক ফাটবিহু।২০২৫ বৰ্ষৰ ফাটবিহু উৎসৱক লৈ এতিয়া অন্তহীন ব্যস্ততা পৰিলক্ষিত হৈছে সংস্কৃতিবান ঢকুৱাখনীয়া 
ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়া আৰু সম্পাদক প্ৰশান্ত হাজৰিকাৰ উপস্থিতিত সংবাদমেলত উদযাপন সমিতিৰি সম্পাদক হেমন্ত গগৈয়ে ইতিমধ্যে ৯০ শতাংশ অতিথি
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুই শতাধিক বিহুদলে ফাটবিহুৰ মুখ্য আকৰ্ষণ মুকলি বুলি অংশগ্ৰহন কৰিব বুলি জনাইছে।।ইয়াৰ সমান্তৰালকৈ সকলো জাতি-জনগোষ্ঠীৰ বাবে মুকলি থকা পূৰ্ণ বয়স্ক হুঁচৰি প্ৰতিযোগিতাত কুৰিটাৰো অধিক বিহু দলৰ লগতে দেউৰী,সোণোৱাল কছাৰী আৰু মিচিং কৃষ্টি দলে অংশগ্ৰহণ কৰিব বুলি সংবাদমেলযোগে অৱগত কৰে।।ইফালে প্ৰায় চাৰি শতাধিক জাতীয় সাজপাৰ পৰিহিত স্বেচ্ছাসেৱকে ফাটবিহুৰ তিনিওটি দিনৰ কাৰ্য্যসূচীৰ আয়োজনৰ পৰিচালনা
নিয়ন্ত্ৰণ কৰিব।তদুপৰি অন্তিম দিনৰ সাংস্কৃতিক শুভাযাত্ৰাত ৰাজ্যৰ প্ৰায়বোৰ জনগোষ্ঠীয় কৃষ্টি দলে অংশগ্ৰহণ কৰিব।দুৰ দুৰণিৰ অতিথিক আপ্যায়নৰ বাবে সাজু কৰা হৈছে পিঠা-
