...

ডিব্ৰুগড়ত উভলি পৰিল এজোপা প্ৰকাণ্ড গছ

ডিব্ৰুগড়ত উভলি পৰিল এজোপা প্ৰকাণ্ড গছ

তাৰ পাছতেই সকলোতে হাহাকাৰ!
চাইন অন ডেস্ক:

ডিব্ৰুগড় মহানগৰত আজি সন্ধিয়া এক ভয়ংকৰ ঘটনা সংঘটিত হয়৷ ডিব্ৰুগড় জিলা পৰিবহন বিভাগৰ কাৰ্যালয়ৰ সমীপতে এজোপা প্ৰকাণ্ড গছ বাগৰি পৰাৰ পাছতে এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়৷ বয়সে গৰকা প্ৰকাণ্ড চিৰিজ গছজোপা উভালি পৰাত ফুলবাগান অঞ্চলটো তীব্ৰ যান-জঁটৰ সৃষ্টি হয়৷ ইফালে চিৰিজ গছজোপা বাগৰি পৰাত এখন স্কুটী আৰু দুখনকৈ দোকান আৰু এখন ঠেলা সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে৷ ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় বনবিভাগক খবৰ দিয়ে৷ ঘটনাস্থলীত বনবিভাগৰ দল উপস্থিত হৈ উভালি যোৱা গছজোপা কাটি পথটো মুকলি কৰিবলৈ সক্ষম হয়৷ আনহাতে গছজোপা উভালি যোৱাৰ ফলত সময় সময়লৈকে ৰাষ্ট্ৰীয় ঘাইপথছোৱা যান-বাহন চলাচল স্তব্ধ হৈ পৰা পৰিলক্ষিত হয়৷ অৱশ্যে এই ঘটনাত কোনো এজন লোক হতাহত হোৱাৰ খবৰ জানিব পৰা হোৱা নাই৷ ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *