...

ৰিলায়েঞ্চৰ ২০০ কোটি টকাৰ প্ৰস্তাৱ নাকচ ফিফাৰ ?

ৰিলায়েঞ্চৰ ২০০ কোটি টকাৰ প্ৰস্তাৱ নাকচ ফিফাৰ ?

কিন্তু কিয় কৰিলে নাকচ ?

নতুন দিল্লী,৬মে’:

ফুটবল বিশ্বকাপ আৰম্ভ হ’বলৈ এতিয়াও এমাহ বাকী। ইতিমধ্যে সূচী প্রকাশ কৰা হৈছে। কিন্তু কোনটো চেনেলত খেলবোৰ দেখুওৱা হ’ব? এতিয়াও কোনো নিশ্চয়তা নাই। এইবাৰ ফিফাই ৰিলায়েঞ্চ-ডিজনীৰ যৌথ প্রস্তাব নাকচ কৰিছে। কাৰণ ৰিলায়েঞ্চ-ডিজনীয়ে যি ধনৰ বিনিময়ত অধিকাৰ ক্ৰয় কৰিবলৈ আগবাঢ়িছে, সেয়া ফিফাৰ চাহিদাতকৈ বহু কম। ছ’নীৰ দৰে কোম্পানীয়ে আলোচনাত অংশগ্রহণ কৰাৰ পিছতো এতিয়াও আগ্রহ প্রকাশ কৰা নাই। ফলত বিশ্বকাপৰ খেলসমূহ আচলতে টিভিত প্রদর্শিত হ’ব নে নহয়, সেই লৈ সন্দেহ বাঢ়িছে। ভাৰতত ফুটবল অনুৰাগীৰ অভাৱ নাই। ৰেংকিঙত দেশখন পিছপৰি থাকিলেও ব্রাজিল-আর্জেন্টিনা-ফ্রান্স-স্পেইনৰ মেচ চাব বিচৰা বৃহৎসংখ্যক দর্শক আছে। ফিফাই ২০২৬ আৰু ২০৩০ চনৰ বিশ্বকাপ ফুটবল দেখুৱাবলৈ ভাৰতত সম্প্ৰচাৰৰ অধিকাৰ বিক্ৰী কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। প্ৰথম অৱস্থাত এই অধিকাৰসমূহৰ মূল্য প্রায় ১০ কোটি মার্কিন ডলাৰত ৰখা হৈছিল। অর্থাৎ ভাৰতীয় মুদ্রাত প্রায় ৯৩০ কোটি টকা। কিন্তু কোনো কোম্পানীয়ে মেচখন দেখুৱাবলৈ আগ্রহ প্রকাশ কৰা নাছিল। ফিফাই সম্প্ৰচাৰৰ অধিকাৰ ৩৫ মিলিয়ন ডলাৰলৈ হ্রাস কৰিবলৈ বাধ্য হৈছিল হৈছিল। কিন্তু পৰিস্থিতি সলনি নহ’ল। এহ’ল। এইবাৰ বিলায়েঞ্চ-ডিজনীয়ে ২ কোটি ডলাৰৰ প্রস্তাৱ দিছে। ভাৰতীয় মুদ্রাত সেয়া হ’ল ১৯০ কোটি টকা। অৱশ্যে এই কথাত ফিফাও সুখী নহয়। ই কেৱল ভাৰতেই নহয়, চীনও। ফিফাৰ মতে ২০২২ চনৰ বিশ্বকাপত ডিজিটেল আৰু ছ’চিয়েল মিডিয়াত চোৱা মুঠ ঘণ্টাৰ ৪৯.৮ শতাংশ কেৱল চীনতহে চোৱা হৈছিল। আৰু ২০২২ চনৰ বিশ্বকাপত ভাবত আৰু চীনে মিলি মুঠ ডিজিটেল সম্প্ৰচাৰৰ ২২.৬ শতাংশ অংশগ্রহণ কৰিছিল। কিন্তু এইবাৰ তাত কোনো কোম্পানীয়ে বিশ্বকাপ দেখুৱাবলৈ আগবাঢ়ি অহা নাই। ফিফাই কয় যে এইপর্যন্ত ১৭৫খন দেশৰ সৈতে চুক্তি স্বাক্ষৰিত হৈছে। কিন্তু ভাৰত আৰু চীনক সম্প্ৰচাৰৰ অধিকাৰ বিক্ৰী কৰিবলৈ আলোচনা চলি আছে। এই পর্যায়ত ইয়াক গোপন কৰি ৰখা হৈছে। ২০২২ চনত কাটাৰ বিশ্বকাপৰ সম্প্ৰচাৰৰ অধিকাৰ ভাৰতক ৬২ মিলিয়ন ডলাৰত বিক্ৰী কৰা হয়। ১১ জুনৰ পৰা আৰম্ভ হ’ব বিশ্বকাপ। দৰাচলতে আমেৰিকা-কানাডা-মেক্সিকোত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ বেছিভাগ মেচেই ভাৰতীয় সময় অনুসৰি গভীৰ নিশাৰ। নিশাৰ। মূলতঃ পুৱা ১২.৩০ বজাত, ১.৩০ বজাত, ৩.৩০ বজাত, ৪.৩০ বা ৬.৩০ বজাত। সেই সময়ত বৃহৎসংখ্যক দর্শকে খেলখন চাবনে? চেনেল কোম্পানীসমূহে সন্দেহ প্রকাশ কৰিছে। হয়তো সেইবাবেই টেলিভিছন কোম্পানী বা অ’টিটি প্লেটফৰ্মৰ উৎসাহ হেৰুৱাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *