অসমত লাচিত বৰফুকনৰ নামেৰে পুলিচ একাডেমী উদ্বোধন কৰিলে অমিত শ্বাহে
এইখন দেশৰ শ্ৰেষ্ঠ আৰক্ষী একাডেমী হৈ পৰিব
চাইন অন ডেক্সঃ
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে শনিবাৰে অসমৰ দেৰগাঁৱত নৱীকৃত আৰক্ষী একাডেমীৰ প্রথম পর্যায় উদ্বোধন কৰি ৰাজ্য চৰকাৰে আহোম ৰাজত্বকালৰ বীৰ সেনাপতি লাচিত বৰফুকনৰ নামেৰে নামাকৰণ কৰাৰ সিদ্ধান্তক ভূয়সী প্রশংসা কৰে৷
অসম কেবিনেটে ২০২২ চনত নাম সলনি কৰাৰ সিদ্ধান্ত লোৱা লাচিত বৰফুকন পুলিচ একাডেমী খনক ১,০২৪ কোটি টকাৰ বিনিময়ত নতুনকৈ সজাই তোলা হৈছে। তিনিদিনীয়া অসম তথা মিজোৰাম ভ্ৰমণলৈ অহা শ্বাহে পৰৱৰ্তী পৰ্যায়ৰ আধাৰশিলাও স্থাপন কৰে।
এবাৰ সম্পূৰ্ণ হ’লে এইখন দেশৰ শ্ৰেষ্ঠ আৰক্ষী একাডেমী হৈ পৰিব বুলি উল্লেখ কৰি শ্বাহে কয় যে চৰকাৰে ইয়াৰ নাম সলনি কৰাৰ সিদ্ধান্তৰ শলাগ লৈছো।
‘এই মহান যোদ্ধাই অসমক মোগলৰ বিৰুদ্ধে বিজয়ী কৰি তুলিলে, আৰু অসম চৰকাৰক অভিনন্দন জনাইছো। সাত বছৰ বয়সত মোক লাচিত বৰফুকনৰ ব্যক্তিত্বৰ বিষয়ে শিকোৱা হৈছিল। কিন্তু স্নাতক ডিগ্ৰী লাভ কৰাৰ সময়লৈকে কোনো চৰকাৰী পাঠ্যক্ৰমত লাচিত বৰফুকনৰ বিষয়ে এখনো কিতাপ নাছিল। তেওঁক কেৱল অসমলৈ নিয়ন্ত্ৰণ কৰা হৈছিল। আজি লাচিত বৰফুকনৰ জীৱনীখন এতিয়া ২৩ টা ভাষালৈ অনুবাদ হৈ সমগ্ৰ দেশৰ পুথিভঁৰালসমূহত আছে।আঠখন ৰাজ্যৰ ইতিহাসৰ পাঠ্যপুথিত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাৰ বাবেই আজি লাচিত বৰফুকনক অন্তৰ্ভুক্ত কৰা হৈছে।’- উদ্বোধনী অনুষ্ঠানৰ পিছত ৰাজহুৱা সভাত ভাষণ দি শ্বাহে এইদৰে কয়।