ধুবুৰী আৰক্ষীৰ অভিযানত ধনৰ বিনিময়ত তামিলনাডু আৰু অন্যান্য ৰাজ্যৰ শিক্ষা ব’ৰ্ডৰ ভূয়া মাৰ্কশ্বীট প্ৰদান কৰাৰ এটা চক্ৰ উৎখাত হোৱা বুলি জানিব পৰা গৈছে। দৰাচলতে, ধুবুৰীৰ আমবাগান খলিলপুৰ সাগৰ ঘোষ নামৰ ছাত্ৰ এজনে স্থানীয় বিদ্যাপাৰা লৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নাম ভৰ্তি কৰিবলৈ গৈ জমা দিয়া শিক্ষাগত অৰ্হতাৰ চাৰ্টিফিকেটখনক লৈ বিদ্যালয় কৰ্তৃপক্ষৰ সন্দেহ ওপোজে আৰু আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ছাত্ৰজনক শোধপোচ কৰাৰ পিছত উৰহি গছৰ ওৰ ওলায় আৰু ধুবুৰী চহৰৰ পাশ্বৱৰ্তী ঝাগৰাৰপাৰ অঞ্চলৰ ডোঙেৰপাৰৰ ইংলিছ এডুকেশ্বন একাডেমী নামৰ ব্যক্তিগত খণ্ডৰ অ’নলাইন শিক্ষানুষ্ঠানত অভিযান চলাই বহুকেইখন ভূয়া, ফটা মাৰ্কশ্বীট আৰু আপত্তিজনক নথি পত্র উদ্ধাৰ কৰাৰ লগতে কেবাটাও লেপটপ আৰু কম্পিউটাৰো জব্দ কৰে আৰক্ষীৰ দলটোৱে। উল্লেখ্য যে, এই বাতৰি পঠিওৱালৈকে ভূয়া মাৰ্কশ্বিট যোগান ধৰা চক্ৰটোৰ মূল পাণ্ডা তথা প্ৰতিষ্ঠানটোৰ স্বয়ম্ভূ সঞ্চালক জাহিদুল হুছেইন পলাতক অৱস্থাত আছে। ইপিনে, সমগ্ৰ ঘটনাটো আৰক্ষী ভালদৰে তদন্ত কৰিলে আগলৈ গৈ ৰৌ-বৰালীও জালত পৰাৰ সম্ভবনা থকা বুলিও কিন্তু মত প্ৰকাশ কৰা পোৱা গৈছে স্থানীয় একাংশ মহলে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.