...

মাৰ্ঘেৰিটাত ৰন্ধন গেছৰ বাবে হাহাকাৰ

Spread the love

মাৰ্ঘেৰিটাত ৰন্ধন গেছৰ বাবে হাহাকাৰ

চৰকাৰী আশ্বাস ফুটুকাৰ ফেণ
বিহুৰ পিঠা-পনাও সাজিব নোৱাৰিলে ?

মাৰ্ঘেৰিটা, ২৯ এপ্ৰিল:

বাপতিসাহোন বিহুৰ আনন্দ-উল্লাসৰ মাজতেই মাৰ্ঘেৰিটাৰ আকাশ-বতাহত এতিয়া বিৰাজ কৰিছে ক্ষোভ আৰু হাহাকাৰৰ চকুলো। চৰকাৰী আশ্বাসক বৃদ্ধাংগুষ্ঠ দেখুৱাই মাৰ্ঘেৰিটাত অব্যাহত থকা ৰন্ধন গেছৰ তীব্ৰ সংকটৰ বাবে এইবাৰ বহু অসমীয়া পৰিয়ালে বিহুৰ পিঠা-পনাখিনিও প্ৰস্তুত কৰিবলৈ সক্ষম নহ’ল। ইয়াৰে পৰিপ্ৰেক্ষিতত আজি মেচাৰ্চ মাৰ্ঘেৰিটা গেছ চাপ্লাইৰ সন্মুখত শ শ গ্ৰাহকে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। উছৱৰ আনন্দত আউল:এফালে বিহুৰ বতৰ, আনফালে ৰন্ধন গেছৰ বাবে গ্ৰাহকৰ দীঘলীয়া শাৰী। মাৰ্ঘেৰিটাৰ দৃশ্যই উদঙাই দিছে এক মৰ্মন্তুদ ছবি। স্থানীয় ৰাইজে আক্ষেপেৰে জনোৱা মতে, গেছৰ নাটনিৰ বাবে এইবাৰ পৰম্পৰাগত বিহুৰ জলপান আৰু পিঠা-পনাখিনি সাজিবলৈও তেওঁলোক ব্যৰ্থ হৈছে। বিহুৰ বতৰত অসমীয়াৰ পাকঘৰত জুই নজ্বলা এই ঘটনাই প্ৰশাসনৰ চৰম ব্যৰ্থতাকে সূচাইছে।উজাগৰী নিশা আৰু আৰক্ষীৰ লৰা-ধপৰা: বিগত প্ৰায় এমাহ ধৰি গ্ৰাহকসকলে এটা চিলিণ্ডাৰৰ বাবে নিশাৰে পৰা গেছ এজেঞ্চীৰ পদূলিত শাৰী পাতিব লগা পৰিৱেশ উদ্ভৱ হৈছে । আজি পুৱা এজেঞ্চী খোলাৰ পাছতে গ্ৰাহকৰ ধৈৰ্যৰ বান্ধ ছিঙি পৰে আৰু এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পৰিস্থিতি চম্ভালিবলৈ মাৰ্ঘেৰিটা আৰক্ষী আৰু প্ৰশাসনৰ লোক উপস্থিত হ’বলগীয়া হয় যদিও সন্ধিয়া পৰ্য্যন্ত এক উত্তপ্ত পৰিৱেশ বিৰাজ কৰে । চৰকাৰে ইন্ধনৰ নাটনি নাই বুলি দাবী কৰিলেও মাৰ্ঘেৰিটাৰ এই বাস্তৱ ছবিয়ে মাৰ্ঘেৰিটা সমজিলা প্ৰশাসনৰ চৰকাৰী মেকানিজমৰ ফোপোলা স্বৰূপটোৱে উন্মোচন কৰিছে। ৩-৪ হাজাৰ টকাত বিক্ৰী হৈছে গেছ চিলিণ্ডাৰ:ভুক্তভোগী ৰাইজৰ অভিযোগ যে এইটো এক কৃত্ৰিম নাটনি। এজেঞ্চী কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰি ৰাইজে কয় যে সাধাৰণ গ্ৰাহকক হাৰাশাস্তি কৰি একাংশ অসাধু চক্ৰই ক’লা বজাৰত গেছ বিক্ৰী কৰিছে। একোটা চিলিণ্ডাৰ ৩,০০০ ৰ পৰা ৪,০০০ টকা পৰ্যন্ত দৰত গোপনে বিক্ৰী হৈ থকাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। গেছ এজেঞ্চিৰ কাষতে থকা একাংশ দোকানত উপলব্ধ হৈছে গেছ চিলিণ্ডিৰ। এই সমূহ অনাসমীয়া ব্যক্তিয়ে এতিয়া কলা বজাৰত অধিক মূলত বিক্ৰি কৰিছে গেছ চিলিণ্ডাৰ । প্ৰশাসনলৈ প্ৰশ্ন:মাৰ্ঘেৰিটা সমজিলা প্ৰশাসনে এই সমস্যা সমাধানৰ আশ্বাস দিছিল যদিও বাস্তৱত তাৰ কোনো প্ৰতিফলন দেখা নগ’ল। এতিয়া প্ৰশ্ন হয়— বিহুৰ সময়তো কিয় জনসাধাৰণক এনেদৰে জীয়াতু ভোগাবলৈ এৰি দিয়া হৈছে? মেচাৰ্চ মাৰ্ঘেৰিটা গেছ চাপ্লাইৰ বিৰুদ্ধে উঠা অনিয়ম আৰু ক’লা বজাৰৰ তদন্ত হ’বনে? নে প্ৰশাসনৰ নাকৰ তলতে চলি থাকিব এই ছিণ্ডিকেট?স্থানীয় সচেতন ৰাইজে অতি শীঘ্ৰে এই ক’লা বজাৰ বন্ধ কৰি ৰন্ধন গেছৰ যোগান সুনিশ্চিত কৰিবলৈ চৰকাৰী কৰ্তৃপক্ষক দাবী জনাইছে। অন্যথা ইয়াৰ বিৰুদ্ধে ৰাজপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰো হুংকাৰ আজি প্ৰদান কৰিছে ভুক্তভোগী গ্ৰহক সকলে। এইক্ষেত্ৰত মাৰ্ঘেৰিটা সমঃ জিলা প্ৰশাসনে কেনেধৰণৰ বিহিত ব্যৱস্থা হাতত লয় সেইয় লক্ষণীয় হ’ব। এতিয়া প্ৰশ্ন হয় কাৰ আশীৰ্বাদ চলিছে এই অবৈধ গেছ চিলিণ্ডাৰৰ কলা বজাৰ ?

Leave a Reply

Your email address will not be published. Required fields are marked *